মুখ্যমন্ত্ৰীৰ শিক্ষাবিৰোধী মন্তব্যৰ বিৰুদ্ধে বিৰোধিতা এআইএছইচিৰ

pc Youtube

মুখ্যমন্ত্ৰীৰ শিক্ষাবিৰোধী মন্তব্যৰ বিৰুদ্ধে বিৰোধিতা এআইএছইচিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   কাৰ্বি আংলঙৰ ডিফুত টেট শিক্ষকৰ নিযুক্তিপত্ৰ প্ৰদান অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  চৰকাৰী বিদ্যালয়সমূহত অহা দহ বছৰৰ পাছত ছাত্ৰ-ছাত্ৰী  নোহোৱা হোৱা, তাৰ ফলত চৰকাৰী বিদ্যালয়ৰ শিক্ষক সকলে স্বেচ্ছা অৱসৰ ল’বলৈ বাধ্য হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা আৰু এনে অন্ধকাৰ ভৱিষ্যতৰ বাবে চৰকাৰী বিদ্যালয়ৰ শিক্ষক সকলকে দায়ী, দোষী আৰু অপৰাধী সাব্যস্ত কৰা মন্তব্যৰ বিৰোধিতা কৰিছে অল ইণ্ডিয়া ছেভ এডুকেচন কমিটীৰ অসম শাখাই৷আজি এক প্ৰেছ বিবৃতি যোগে অসম শাখাৰ সভাপতি ত্ৰিদীপ গগৈয়ে কয় যে, মুখ্যমন্ত্ৰীৰ এই মন্তব্য প্ৰকৃততে নিজৰ অপৰাধৰ দায়িত্ব আনৰ ওপৰত জাপি দি সাৰি যোৱাৰ নিকৃষ্ট কৌশলৰ বাহিৰে আন একো নহয়৷১৯৮৬ চনত তদানীন্তন কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰা শিক্ষা নীতিকে অনুসৰণ কৰা আৰু জাতীয় শিক্ষা নীতি’২০২০ৰ জৰিয়তে তাকে আৰু পৰিপূৰ্ণ ৰূপদান কৰা বৰ্তমান বিজেপি পৰিচালিত চৰকাৰে শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক ব্যক্তিগতকৰণৰ লক্ষ্য পূৰণৰ বাবে চৰকাৰী শিক্ষা ব্যৱস্থাৰ ভিত্তিক ধ্বংস কৰাৰ যি কৌশল ৰচনা কৰিছে, আগন্তুক দহ বছৰত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী শূন্য হোৱাটো হ’ব সেই ৰণকৌশলৰে সাফল্য।  শিক্ষাৰ সামগ্ৰিক ব্যক্তিগতকৰণৰ ভিত্তি প্ৰস্তুত কৰাৰ বাবে চৰকাৰী বিদ্যালয় সমূহত উপযুক্ত আন্তঃগাথঁনি গঢ়ি নোতোলা, পৰ্যাপ্ত সংখ্যক শিক্ষক নিযুক্তি নিদিয়া, স্বল্পসংখ্যক শিক্ষককো অশৈক্ষিক কাৰ্যত অধিক সময় নিয়োজিত ৰখা আদিৰ লগতে চৰকাৰী বিদ্যালয়ত ১ম শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈকে পাছ-ফেল প্ৰথা তুলি দিয়া অৰ্থাৎ অটোমেটিক প্ৰমোচন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ যোগেৰে চৰকাৰী বিদ্যালয় সমূহক কাৰ্যতঃ অশিক্ষা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হৈছে। ৮ম শ্ৰেণীলৈকে পাছ-ফেল প্ৰথা নোহোৱাৰ পৰিণতি হিচাপে চৰকাৰ গঠিত তদন্ত কমিটীৰ প্ৰতিবেদনতে প্ৰকাশ পাইছে যে, ৫ম শ্ৰেণীৰ পঞ্চাছ শতাংশতকৈ বেছি ছাত্ৰ-ছাত্ৰীয়েই ২য় শ্ৰেণীৰ পাঠ পঢ়িব নোৱাৰে আৰু নিজৰ নামটোকে শুদ্ধকৈ লিখিব নোৱাৰে। এনে প্ৰেক্ষাপটত নূন্যতম সামৰ্থ্য থকা প্ৰতিজন অভিভাৱকেই নিজৰ সন্তানৰ ভৱিষ্যত চিন্তা কৰি সন্তানক ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানলৈ লৈ গৈছে। এই পথেৰেই চৰকাৰী শিক্ষা প্ৰতিষ্ঠানত ছাত্ৰ-ছাত্ৰী নোহোৱা হৈছে আৰু শিক্ষাৰ ব্যক্তিগতকৰণৰ পথ সুগম হৈছে। এয়া চৰকাৰী কৌশলৰে পৰণতি।