মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোছা আৰু নলবাৰীৰ বিধায়ক জয়ন্তমল্ল বৰুৱাৰ অন্তৰ্ভুক্তি 

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোছা আৰু নলবাৰীৰ বিধায়ক জয়ন্তমল্ল বৰুৱাৰ অন্তৰ্ভুক্তি

ৰঙিলী বাৰ্তা সেৱা –  হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোছা আৰু নলবাৰীৰ বিধায়ক জয়ন্তমল্ল বৰুৱাৰ অন্তৰ্ভুক্তিৰে কাইলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব। কাইলৈ বিয়লি তিনি বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত নন্দিতা গাৰ্লোছা আৰু জয়ত্তমল্ল বৰুৱাই মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে নৱনিযুক্ত দুই মন্ত্ৰীক শপতবাক্য  পাঠ কৰাব। উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে যোৱা সপ্তাহত মুখ্যমন্ত্ৰী ড° শৰ্মাই ৯ জুনত অসম মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণ ঘটাব বুলি ঘোষণা কৰে। এই সম্প্ৰসাৰণত পাহাৰীয়া জিলাৰ পৰা এজনক মন্ত্রীসভাত স্থান দিয়া হ’ব বুলিও প্ৰকাশ কৰে। সেই ঘোষণা অনুসৰি আজি মন্ত্ৰীসভাত নতুনকৈ স্থান দিবলগীয়া নন্দিতা গাৰ্লোছা আৰু জয়প্তমল্ল বৰুৱাৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। স্মর্তবা যে নন্দিতা গাৰ্লোছা এইবাৰ বিধানসভা নিৰ্বাচনত হাফলং সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছে। ইয়াৰ বিপৰীতে নলবাৰীৰ বিধায়ক জয়ন্তমল্ল বৰুৱা ২০১১ চনত প্ৰথমবাৰৰ বাবে বিধানসভালৈ কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈছিল। ২০২১ চনত বৰুৱা নলবাৰী সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। তদুপৰি গাট। বর্তমান চৰকাৰত তেওঁ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। যোৱা চৰকাৰৰ কাৰ্যকালত বৰুৱাই অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষৰ গুরুদায়িত্বও বহন কৰিছিল। ৰাজ্যিক বিজেপিৰ মুখপাত্র, উপ ক্ৰয়াৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদটো বৰুৱাই বিগত সময়ছোৱাত দায়িত্ব বহন কৰি আহিছে। অসম চৰকাৰৰ মন্ত্ৰীৰ কৰে। দায়িত্ব লাভৰ বিষয়ে আনুষ্ঠানিকভাৱে প্ৰকাশৰ পাছতেই বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডটোৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, রাজ্যিক সভাপতি ভৱেশ কলিতাক ধন্যবাদ জ্ঞাপন কৰি কয় যে এই খবৰত তেওঁ আনন্দ অনুভৱ কে কে কৰিছে।