মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কর্মযোগী সন্মান প্রদান নেপালী সাহিত্য সভাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কর্মযোগী সন্মান প্রদান নেপালী সাহিত্য সভাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহাসিক সৰুপথাৰৰ শিৱাজী ৰাই সমন্বয় ক্ষেত্র তথা সৰুপথাৰ ৰাজহুৱা খেলপথাৰত আয়োজিত অসম নেপালী সাহিত্য সভাৰ স্বৰ্ণজয়ন্তী সমাৰোহৰ সামৰণী অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। অনুষ্ঠানটিত উপস্থিত হৈ সৰুপথাৰৰ পৱিত্ৰ ভূমিত জন্ম লৈ অসম আৰু দেশমাতৃক গৌৰৱান্বিত কৰা সাহস আৰু ত্যাগৰ অমৰ প্ৰতীক বিয়াল্লিছৰ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ প্ৰতি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্রদ্ধাঞ্জলি নিবেদন কৰে। অসম নেপালী সাহিত্য সভাৰ স্বৰ্ণজয়ন্তী সমাৰোহৰ সামৰণী অনুষ্ঠানত নেপালী সাহিত্য সভাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক কর্মযোগী সন্মান প্রদান কৰে ।  সভাই তেওঁক নেপালী টুপী-খদা-খুকুৰীৰে উষ্ম আদৰণি জনায়। ইপিনে, সভাত ভাষণ দি কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নেপালী ভাষা- সাহিত্যৰ বিকাশৰ দিশত বিগত পঞ্চাশ বছৰে অসম নেপালী সাহিত্য সভাই নিৰলসভাৱে ব্রতী হৈ থকাৰ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড°  হিমন্ত বিশ্ব শর্মাই কয় যে অসমৰ গোর্খাসকলে অসমভূমিত জন্মগ্রহণ কৰি অসমীয়া মাধ্যমত অধ্যয়ন কৰি অসমীয়াৰ সমান্তৰালকৈ নেপালী ভাষা-সাহিত্যৰ বিকাশৰ বাবে অহৰহ প্রচেষ্টা অব্যাহত ৰাখিছে। বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ উক্তিৰ উদ্ধৃতি দি তেওঁ কয় যে অসমৰ গোর্খাসকলৰ মাতৃভাষা দুটা। এটা নিজা ভাষা আৰু আনটো অসমীয়া ভাষা। তেওঁ লগতে কয় যে গোর্খা জনগোষ্ঠীয়ে নিজ মাধ্যমৰ সলনি অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি অসমত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ সাধন কৰি সমন্বয়ৰ নতুন সাঁকো গঢ়ি বৃহত্তৰ অসমীয়া সমাজখন সমৃদ্ধ কৰিছে। মুখ্যমন্ত্রী ড°  হিমন্ত বিশ্ব শর্মাই অসম নেপালী সাহিত্য সভাৰ ইতিহাস সম্পর্কতো আলোকপাত কৰে। পঞ্চাশটা বছৰ অতিক্ৰম কৰা অসম নেপালী সাহিত্য সভাই অসমৰ গোৰ্খাসকলৰ অগ্ৰণী সাহিত্য তথা বৌদ্ধিক সংগঠন ৰূপে নিজৰ ভূমিকা সফলতাৰে পালন কৰি আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে এই সংগঠনে বিশেষকৈ অসমৰ নেপালী ভাষা-সাহিত্য-সংস্কৃতিৰ লগতে সমগ্ৰ অসমৰ ভাষা- সাহিত্যৰ উন্নতিত যথেষ্ট অৰিহণা যোগাইছে। আনহাতে নিৰু শৰ্মা পৰাজুলীক আন্তঃৰাষ্ট্ৰীয় সাহিত্য বঁটা, ড° খেমৰাজ নেপালক কৰ্ণবাহাদুৰ ছেত্রী স্মৃতি ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। উক্ত অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি অসম নেপালী সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰা হয়। শিৱাজী ৰায় সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা সোণালী জয়ন্তী আৰু অসম নেপালী সাহিত্য সভাৰ ত্রিবার্ষিক সাধাৰণ সন্মিলনত ক্রমে সভাপতি, কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদক নির্বাচিত হয়। সভাপতি ড° চিন্তামণি শৰ্মা, কাৰ্যকৰী সভাপতি ড০ ইন্দুপ্রভা দেৱী আৰু সাধাৰণ সম্পাদক তিলক শর্মা নির্বাচিত হয়।  মুকলি সভাত ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্রী অতুল বৰা, বিধান সভাৰ উপাধ্যক্ষ ড° নোমল মমিন, সাংসদ কামাখ্যা প্রসাদ তাছা, স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন, বিধায়ক ভাস্কৰ শৰ্মা, বিধায়ক গণেশ লিম্বু, গোর্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্রেম তামাং, এ এচ টি চিৰ প্ৰাক্তন চেয়াৰমেন অশোক ভট্টৰায়, গোর্খা স্বায়ত্ত্ব শাসিত পৰিষদ দাবী সমিতিৰ অধ্যক্ষ হৰ্কবাহাদুৰ ছেত্রী, অসম লঘু উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায়, কার্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু জিলা আয়ুক্ত পুলক মহন্তকে ধৰি সৰুপথাৰ সমজিলা প্ৰশাসনৰ বিষয়াসকল আৰু আৰক্ষী প্ৰশাসনৰ লগতে লক্ষ্যাধিক লোক উপস্থিত থাকে। আনহাতে ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই  সৰুপথাৰত উপস্থিত হৈ প্ৰথমতে কুশল কোঁৱৰ ষ্টেডিয়ামৰ লগতে নতুনকৈ নিৰ্মাণ কৰা এটি ইনড’ৰ ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে আৰু সৰুপথাৰ কুশল কোঁৱৰ ষ্টেডিয়ামত এটি ছুইমিং পুলৰ আধাৰশিলা স্থাপন কৰে । পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে ৰাইজক সম্বোধন কৰি সৰুপথাৰ মণ্ডল বিজেপি কাৰ্যালয়ৰ এটি সভাগৃহৰ শুভ উদ্বোধন কৰে । ইয়াৰ সমান্তৰালকৈ তেওঁ সৰুপথাৰ ছেৱাগুৰিস্থিত এটি গ্ৰাম্য ষ্টেডিয়াম উদ্বোধন কৰে আৰু সৰুপথাৰত বিধায়ক বিশ্বজিৎ ফুকনৰ তত্ত্বাৱধানত প্ৰায় ১৫ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা সৰুপথাৰ সম-জিলাৰ অসামৰিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে । মুখ্যমন্ত্ৰীয়ে লগতে অসামৰিক চিকিৎসালয়তে নুমলীগড় তেল শোধনাগাৰৰ চি এছ আৰ পুঁজিৰ দ্বাৰা এটি অক্সিজেন প্লেণ্টৰ শুভ উদ্বোধন কৰে ।