মুখা – অমূল্য চেতিয়া

PC - Freerange Stock
মুখা
 অমূল্য চেতিয়া, মেটেকা, শিৱসাগৰ 
আজিকালি সহজলভ্য হৈছে মুখা?
কেতিয়া কোনে পিন্ধি
কি আঁচনি লয়
কোনেনো জানিব!
নহ’লে, চাৰিওফালে জয়জয়-ময়ময়
হ’লহেঁতেন,
অভাৱত কক্ বকাই থাকিব নালাগিলহেঁতেন!
কি মানবীয়তা
কি উন্নয়ন
কি প্ৰেম
কি মৰম,
আৰু বা কিমানত,
শব্দৰে ঢুকি নাপায়!
সকলোতেচোন মুখাৰ ৰাজত্ব।
তথাপি,
সৎ হৃদয়বান আছে
যি যেনেকুৱা, তেনেকুৱাই
তেওঁলোকৰ বাবেই
ধৰাৰ বুকুত
সোণাৰু হালধীয়া হাঁহি,
কৃষ্ণচূড়াৰ লাজুকীয়া মৰম
ম্লান পৰা নাই।