মুক্তি বিচাৰি আৱেদন – মুহাম্মাদ আফজাল

PC House Beautiful
মুক্তি বিচাৰি আৱেদন
মুহাম্মাদ আফজাল,
মৈৰাবাৰী, মৰিগাঁও
মই তোমাৰ প্ৰেমত বন্দী,
মোৰ কাতৰ অনুৰোধ
তুমি মোক অচিৰেই
মুকলি কৰি দিয়া,
এনেই নাটক কৰি
আটক কৰি নাৰাখিবা,
স্বাধীনতা মোৰ জন্মস্বত্ব অধিকাৰ।