মিৰ্জাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
অংশ ল’লে পলাশ চাংমাই, ড০ নৰকান্ত অধিকাৰী, দীপক শৰ্মাই
সভাপতি হিচাপে মদন দাস নিৰ্বাচিত
শৈলেন কুমাৰ, মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কামৰূপ জিলা আহ্বায়ক সমিতিৰ উদ্যোগত পলাশবাৰী আঞ্চলিক সমিতিৰ আতিথ্যত জিলাখনৰ মিৰ্জাস্থিত পলাশবাৰী সাহিত্য সভাৰ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পুৱা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন কৰে জিলা আহ্বায়ক সমিতিৰ মুখ্য আহ্বায়ক তথা প্ৰাক্তন আছু নেতা মদন দাসে। ইয়াৰ পিছত শ্বহীদ তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে জিলা আহ্বায়ক সমিতিৰ আহ্বায়ক শিৰষ দাস, গুৱাহাটী মহানগৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক সঞ্জয় বিশ্বাস আৰু পলাশবাৰী আঞ্চলিক সমিতিৰ সম্পাদক বিনোদ কলিতাই। বৃক্ষৰোপণ কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা সাংবাদিক দীপক শৰ্মাই। দিনৰ ১১ বজাত মদন দাসৰ সভাপতিত্বত জিলাৰখনৰ সাহিত্য, সংস্কৃতি, সংগীত, ক্ৰীড়া, শিক্ষা ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিলৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰা সভাত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৰকান্ত অধিকাৰীয়ে মুখ্য অতিথিৰ ভাষণত কয়- “বাহ্যিক দৃষ্টিভংগীৰে এজন মানুহক নিৰুপণ কৰিব নোৱাৰি। প্ৰজ্ঞাৰ দৃষ্টিৰে চাব লাগে। আজিৰ সমাজখন তীব্ৰ বেগেৰে পৰিবৰ্তন ঘটিছে। এই ক্ষেত্ৰত যুৱক -যুৱতীসকলে কঠোৰ শ্ৰম, অনুশীলন কৰিব লাগে।” সভাত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰোদ কুমাৰ দাস, পৰাগজ্যোতি প্ৰকাশনৰ সচিব দীপক শৰ্মাই নিমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহণ কৰে। সভাত জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ভৱেশ, বিশিষ্ট বুৰঞ্জীবিদ তথা ৰাভা লোক সংস্কৃতিৰ গৱেষক ডা: শৰৎ চন্দ্ৰ ৰাভা, ৰাষ্ট্ৰীয় খেলুৱৈ অঞ্জলি দাস, বিশিষ্ট সাহিত্যিক গজেন চন্দ্ৰ দাস, বিশিষ্ট নাট্যকাৰ ৰঞ্জিৎ চৌধুৰী, অসম আন্দোলনৰ শীৰ্ষ নেতা ৰাম কুমাৰ দাস, প্ৰবীণ ক্ৰীড়া সংগঠক তথা খেলুৱৈ প্ৰবীণ চন্দ্ৰ দাস, এণ্ডী কাপোৰক জগত সভালৈ লৈ যোৱা হৰেণ দাস, সমাজকৰ্মীদ্বয় অপূৰ্ব দেৱ শৰ্মা আৰু কুশল দেৱ শৰ্মাক ফুলাম গামোচা, জাপি, স্মাৰক আৰু অভিনন্দন পত্ৰৰে সম্ভাষণ জন্মায়। ইয়াৰ পিছতে অনুষ্ঠিত প্ৰতিনিধি সভা উদ্বোধন কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই মুখ্য অতিথি হিচাপে অংশ লৈ পৰিষদৰ লক্ষ্য, উদ্দেশ্য দাঙি ধৰে। চাংমাই কয়- “দক্ষিণ কামৰূপৰ সেউজ বনভূমি, উন্নত মানৰ বালি, শিল, শিহু, নদী আদিৰ সংৰক্ষণ, এই অঞ্চলৰ সম্পদ কোনেও হানি-বিঘিনি ঘটাব নোৱাৰে তাৰ ওপৰত যুব ছাত্ৰ পৰিষদৰ পৰা কঠোৰ স্থিতি ল’ব বুলি দোহাৰে। সভাত যুব ছাত্ৰ পৰিষদৰ কেইবাজনো শীৰ্ষ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। সভাতে সৰ্বসন্মতিক্ৰমে মদন দাসক সভাপতি আৰু বিনোদ কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি জিলাৰ শক্তিশালী সমিতি গঠন কৰা হয়।