মিঠাতেলৰ ব্যৱহাৰ কমাই দিলে ব্যৱসায়ীবোৰো মৰিব আৰু দামো কমিবঃ বিজেপি বিধায়ক অতুল বৰা

Pc- The Sentinel Assam

মিঠাতেলৰ ব্যৱহাৰ কমাই দিলে ব্যৱসায়ীবোৰো মৰিব আৰু দামো কমিবঃ বিজেপি বিধায়ক অতুল বৰা

ৰঙিলী বাৰ্ত্তাসেৱা- মিঠাতেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগত বিজেপি বিধায়ক অতুল বৰাই গুৱাহাটীত সাংবাদিকৰ আগত কয় যে মিঠাতেল কমকৈ ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ বাবে ভাল। ৯০ শতাংশ মিঠাতেলেই ভেজাল। তেওঁ মিঠাতেল নাখায়েই। সকলো বইল খায়। তদুপৰি মিঠাতেলৰ ব্যৱহাৰ কমাই দিলে ব্যৱসায়ীবোৰো মৰিব আৰু দামো কমিব। তেওঁ আৰু কয় যে অৰুণাচল প্ৰদেশত মানুহে মিঠাতেল নাখায়। লগতে পেট্র’ল-ডিজেলৰ মূল্যবৃদ্ধি প্ৰসংগত বিধায়ক অতুল বৰাই কয় যে সমগ্ৰ দেশতে পেট্র’ল-ডিজেলৰ দাম বাঢ়িছে। পেট্র’ল-ডিজেলৰ দাম বৃদ্ধিৰ বাবে তেওঁ অসম চৰকাৰক ব্যৰ্থ বুলি নকয়। কেন্দ্ৰীয় চৰকাৰেহে চিন্তা কৰিব কেনেকৈ সেই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব। অসমৰ দুই-তিনিটা ৰিফাইনেৰীত পেট্র’ল উৎপাদন হোৱাৰ কথা উল্লেখ কৰি তেওঁ অসমৰ ৰাইজক সস্তাত পেট্ৰ’ল দিয়াৰ দাবী জনায়।