মিঠাতেলৰ দাম বেছি,ৰাইজে কম চাকি জ্বলায়ে দীপাৱলী পালন কৰকঃ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা

মিঠাতেলৰ দাম বেছি,ৰাইজে কম চাকি জ্বলায়ে দীপাৱলী পালন কৰকঃ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন শোধোৱাৰ সময়ত আমাৰ শাসকীয় দলৰ নেতা-বিধায়কসকল এনেই বহি থকা নাই।তেওঁলোক দাম কমোৱাৰ বিভিন্ন অভিনৱ উপায় উদ্ভাৱনত লাগি গৈছে।এইবাৰ বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰাইজক কমকৈ চাকি জ্বলাই দেৱালী পালন কৰাৰ পৰামৰ্শ দিছে।ভৱেশ কলিতাই কয় যে,”‘মিঠাতেলৰ দাম বেছি যিহেতু ৰাইজে পূৰ্বতকৈ কমকৈ চাকি জ্বলায়ে দীপাৱলী পালন কৰা উচিত। চাইনিজ বস্তু পৰিহাৰ কৰক।মাটিৰ চাকি জ্বলায়েই পালন কৰক পোহৰৰ উৎসৱ।”