মিছন অপৰাজেয়ঃ আন্তঃৰাষ্ট্ৰীয় সাঁতােৰবিদ এলভিছ আলি হাজৰিকাৰ নতুন প্ৰত্যাহ্বান

মিছন অপৰাজেয়ঃ আন্তঃৰাষ্ট্ৰীয় সাঁতােৰবিদ এলভিছ আলি হাজৰিকাৰ নতুন প্ৰত্যাহ্বান

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ জলকোঁৱৰ হিচাপে পৰিচিত আন্তঃৰাষ্ট্ৰীয় সাঁতােৰবিদ এলভিছ আলি হাজৰিকাই এইবাৰ এক দুঃসাহসিক কার্যসূচীত অংশগ্রহণ কৰিবলৈ আগবাঢ়িছে। ‘মিছন অপৰাজেয়’ নামেৰে আৰম্ভ কৰিবলগীয়া এই কার্যসূচী অনুসৰি সাঁতােৰবিদগৰাকীয়ে অহা ১৭ ছেপ্টেম্বৰত নর্থ চেনেল’ৰ নর্থ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ আৰু আগন্তুক বৰ্ষৰ মাজভাগত ইংলিছ চেনেল’ৰ ইংলেণ্ডৰ পৰা ফ্রান্সলৈ সাগৰ সাঁতুৰি পাৰ হ’ব। মাত্র ১৩ ঘণ্টাত নর্থ চেনেল’ৰ ৪২ কিলােমিটাৰ আৰু ইংলিছ চেনেল’ৰ ৩৮ কিলােমিটাৰ সাগৰৰ মাজত পাৰকৰিবলগীয়া এই কাৰ্যসূচী হ’ব অতি প্রত্যাহ্বানমূলক। মিছন অপৰাজেয়’ৰ বাবে সাজু হােৱা সাঁতােৰবিদগৰাকীক সহায়ক বাবে আগবাঢ়ি আহিছে গুৱাহাটীস্থ ব্যৱসায়িক প্রতিষ্ঠান এছ এম ডেভলপাৰৰ্ছ। গুৱাহাটী প্ৰেছ ক্লাব আয়ােজিত এক সংবাদমেলত এইকথা প্রকাশ কৰে বিশিষ্ট সাঁতােৰবিদগৰাকীয়ে। সংবাদমেলত উপস্থিত থাকি বিশিষ্ট সাংবাদিক প্রণয় বৰদলৈয়ে জলকোঁৱৰ এলভিছ আলি হাজৰিকাৰ এই দুঃসাহসিক কাৰ্যৰ বাবে শুভেচ্ছা জনােৱাৰ লগতে প্রশংসাৰে উপচাই পেলায়। আনহাতে, এছ এম ডেভলপাৰ্ছৰ হৈ উপস্থিত থাকি প্রতিষ্ঠানটোৰ কেবাগৰাকী জ্যেষ্ঠ বিষয়া আৰু উপাধ্যক্ষ ভাস্কৰজ্যোতি ভূঞাই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতােৰবিদগৰাকীক ‘মিছন অপৰাজেয়’ৰ বাবে সকলাে দিশতে সহায় কৰাৰ আশ্বাস প্রদান কৰে। সাংবাদিক হেমন্ত শর্মাই আঁত ধৰা সংবাদমেলখনত উপস্থিত থাকি কেবাগৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকে তেওঁত শুভেচ্ছা জনায়। ইপিনে, ‘মিছন অপৰাজেয়’ৰ অন্তৰ্গত নর্থ চেনেল’ আৰু ইংলিৰ্ছ চেনেল’ৰ উপৰি সাঁতােৰবিদগৰাকীয়ে এইবছৰৰ শেষত অথবা নতুন বছৰৰ আৰম্ভণিতে গুজৰাট-গােৱা-মুম্বাইলৈ ৮০০ কিলােমিটাৰ ৰিলেতাে অংশগ্রহণ কৰিব। ইপিনে, সম্প্রতি ‘মিছন অপৰাজেয়’ৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ বানপৰিস্থিতিৰ বিষয়ে সজাগতামূলক বার্তা বিলােৱাৰ লগতে বন্যার্তৰ বাবে আর্থিক সাহায্য সংগ্রহ কৰি মুখ্যমন্ত্রী সাহায্য পুঁজিলৈ প্ৰেৰণ কৰাৰ কথাও আজিৰ সংবাদমেলত সদৰি কৰে সাঁতােৰবিদগৰাকীয়ে। উল্লেখ্য যে, ৪২ বছৰীয়া এইগৰাকী সাঁতােৰবিদে বর্তমানলৈকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৬ টা সােণৰ, ৭ টা ৰূপৰ, ৫ টা ব্রঞ্জ, ৰাষ্ট্ৰীয় পৰ্যায়ত ১৩৪ টা সােণৰ, ৪৩ টা ৰূপৰ, ১৫ টা ব্রঞ্জ আৰু ৰাজ্যিক পর্যায়ত ১২৮ টা সােণৰ, ১২ টা ৰূপৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ চলিত বৰ্ষৰ মাৰ্চত আৰব সাগৰৰ গেটৱে অৱ ইণ্ডিয়া মুম্বাইৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ মাত্র ৫৩ ঘণ্টাত ২০০ কিলােমিটাৰ সাঁতুৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷