মা দেউতাৰ সম হব কোন
এখনি সেউজী গাঁওৰ বুকুৰ মাজত চন্দনাৰ ঘৰ। সেউজী পাতে সদায়ে হালি জালি, গাঁওৰ মানুহক সেউজীয়া উশাহ দিয়ে। তাত থাকিলে যেন মন প্ৰাণ পুলকিত কৰে। বিশুদ্ধ বতাহে মন প্ৰাণ হৰ্ষিত কৰি দিয়ে। চাৰিওফালে শান্তি আৰু প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশ। গাঁওখনিৰ নাম মিলনগাঁও। এনে লাগে যেন এই নামটো সচাই মিলন কাৰণ যি ইয়ালৈ আহে, উভতি যাবলৈ নোখোজে। চন্দনা এই মন প্ৰাণ মুগ্ধ কৰি দিয়া গাঁওখনৰ এজনী জীয়ৰী। তাই দেখাত একেবাৰে যেন ৰঙিলী পখিলি। তাই কেতিয়াবা গাঁওৰ ইপাৰে সিপাৰে ঘূৰি ফুৰে, কেতিয়াবা গছত ওলমি থকা জুলনাখনত সমনীয়াৰ সৈতে খেলি থাকে। তাই অষ্টম শ্ৰেণীত শিক্ষাৰত। এদিন তাইক মাকে এটি ভুল কৰাৰ বাবে গালি পাৰিছিল। সেই ভুলটো তাইৰ নিজৰ দোষৰ বাবে হৈছিল। তাই দামী গহনা এযোৰ ক’ত থ’লে পাহৰি গ’ল। তাতে মাকে তাইক গালি পাৰিলে, ইফালে তাই হৈছে আবেগিক মনৰ। কোনোবাই কঠোৰকৈ ক’লেই তাইৰ বৰ দুখ লাগে। আমি সকলোৱে জীৱনত কত ভুল কৰোঁ, কিছু ভুল জানিও কৰোঁ আৰু নাজানিও, কিন্তু ভুলবোৰ শুধৰণি কৰিবলৈও যেন আমাৰ সময় নাথাকে। কোনোবাই শুধৰাই দিলেও খং উঠে। এই ভুলবোৰ শুধৰণি কৰিবলৈ বাবেহে যেন ঈশ্বৰে আমাক মাতৃৰ দৰে এগৰাকী নাৰীক আমাৰ জীৱনত দুখ নাশ কৰিবৰ বাবে দিছে। এই কথাটোহে চন্দনাৰ অজ্ঞাত। চন্দনাই গালি পৰাৰ বাবে বৰ বেজাৰ পাইছিল। কেৱল বেজৰেই নহয় তাইৰ মনত একুৰা জুইও জ্বলিছিল! উগ্ৰতাৰ। তাই এই কথাখিনি বুজিবলৈ চেষ্টাই কৰা নাই। মাকে তাইক গালি পৰা নাই, কেৱল তাইৰ ভুলটো অলপ কঠোৰ ভাৱে কৈছিল, সেইটোতেই তাই বহুত বেজাৰ পালে। তাই ভাবিলে যে মই মাক নামাতো। তাই মাতৃৰ অৰ্থ যেন পাহৰিয়েই গৈছে। বাৰু এতিয়া তাই নামাতো বুলি কৈছে কিন্তু পৰিস্থিতিৰ সন্মুখীন কেনেকৈ হব, মানে তাই ভাত খাবলৈ কোনে দিব, কোনে আগৰ দৰে মৰম কৰিব, কোনে বেনি গাঠি দিব ইত্যাদি। তাই মাকক মাতিবলৈ বন্ধ কৰিছে। ভাত খাবলৈ দিয়াত তাই অন্য কোঠাত খাবলৈ গৈছে। বাপেকে চন্দনাক সুধিলে – “মোৰ পখিলি! কি হ’ল তোৰ?” তাই নিমাতি কইনা হৈ কাঁহী লৈ সিটো কোঠালৈ গ’ল। উত্তৰ নাপাই মাকক বাপেকে সুধিলে – “হেৰা! কি হ’ল এইৰ? ইমান দুখ মনে আছেজেন তাই!” মাকে ভাগৰুৱা হৈ কলে – “নক’ব! আজি তাই এটা ভুল কৰিছিল, তাৰেই মই শুধৰণি বাবে অলপ কঠোৰকৈ কৈছিলোঁ! সেইটোতেই তাই ইমান বেয়া পাইছে চাওকচোন বাৰু আপুনি!” বাপেকে কলে – “এইবোৰ হৈয়ে থাকে, মাতিব দিয়া!” অন্য দিনা ৰাতিপুৱা চন্দনা বিদ্যালয়লৈ যাবলৈ ওলাল। তাই চুলিত ক্লিপ মাৰি বান্ধি ললে। আন দিনে মাকে বেনি গাঠি দিয়ে। তাই মাকক নামাতো বুলিয়েই ভাবিছে, সেই বাবে মতা নাই। মাকে সুধিছিল কিন্তু একো উত্তৰ নিদিলে। ভাত খাবলৈ মাতোঁতেও তাই পাছত খাম বুলি ওলাই গ’ল। তাই চাইকেল ললে আৰু ওলাই গ’ল বিদ্যালয়লৈ। বিদ্যালয়ত আজি তাইৰ মন বহা নাই। বাৰে বাৰে সেই আগৰ কথাটোৱেই তাইৰ মনলৈ আহি আছে। চন্দনাৰ লগৰীয়া ছোৱালীবোৰে সুধিছে কি হ’ল বুলি; কিন্তু তাই একো নাই হোৱা বুলি কৈ নীৰৱে আছে। বিদ্যালয়ৰ দুপৰীয়াৰ বিৰতিৰ সময়ত তাই বিদ্যালয়ৰ উদ্যানৰ বেঞ্চত বহি আছে। তাইৰ কি হ’ল জানিবলৈ তাইৰ লগৰ সঞ্জীৱ আহি বহিলে আৰু সুধিলে – “চন্দনা কি হ’ল বাৰু তোমাৰ কোৱাচোন?” চন্দনাই কলে – “একো নাই!” সঞ্জীৱে কলে -“কোৱাচোন লগৰ বুলি! আৰু মই ইমানো বেয়া নহয়, কথাবোৰ কৈদিলে মনৰ বোজা পাতল হয়। মই ভুল নহয় যদি নিশ্চয় মাৰ লগত কিবা লাগিছা হয়নে?” চন্দনাই কলে – “তুমি কেনেকৈ জানা!” সঞ্জীৱে কলে – “সকলো ঘৰতে এনে সৰু-সৰু ঘটনা হৈয়ে থাকে আৰু শুনা তুমি মাক ভুল বুজি নাথাকিবা কাৰণ মা আমাৰ জীৱনত সবাটোতকৈ উচ্চ ধন।” সি কথা আৰম্ভ কৰিছিলহে চন্দনাই তৎক্ষণাত কলে – “মোক অলপ অকলে থাকিবলৈ দিয়াচোন!” সঞ্জীৱ নীৰৱে গুচি গ’ল। তাইৰ আজি কাৰো কথা শুনিবলৈ মন যোৱা নাই। বিদ্যালয় চুটি দিলে। সকলো ঘৰলৈ যাবলৈ আৰম্ভ কৰিছে। তাইৰ ঘৰলে যাবলৈ মন যোৱা নাই। সেই খাৰু পাতে তাইক বৰকৈ আমনি কৰি আছে। তাই গাঁৱৰ পথাৰৰ এজোপা বৰ গছৰ তলত বহিলে। মনৰ বোজা যেন পাতল কৰিবলৈ বহিলে। গধূলি হ’ল বেলিয়ে আজিৰ বাবে বিদায় ল’লে কিন্তু তাই এতিয়াও বৰ গছৰ তলৰ পৰা যোৱা নাই, তাতেই বহি মন মাৰি আছে। ইফালে ঘৰত মাক দেউতাক বৰ চিন্তিত হৈছে ইমান দেৰিলৈকে ঘৰ অহা নাই। তাইৰ বৰ ভোক লাগিছে আৰু কান্দিছেও। মাক দেউতাকে তাইক বিচাৰিবলৈ ওলাই গ’ল। মাক দেউতাকে গাঁৱৰ ইপাৰে সিপাৰে ঘূৰে কিন্তু ক’তো নেদেখিলে। বিচাৰি থকাৰ মাজত এনেতে তাইৰ লগৰ সঞ্জীৱক লগ পালে। সঞ্জীৱে কলে – “সেই পথাৰখনৰ বৰ গছ জোপাৰ তলত তাই তেতিয়াৰ পৰাই মন মাৰি বহি আছে আৰু মই বিদ্যালয়ত তাইক বুজাইছিলোঁ কিন্তু তাই অকলে থাকিব বিচাৰে!” মাক দেউতাকে ধন্যবাদ বুলি কৈ তালৈ ল’ৰ মাৰে আৰু দেখে চন্দনা তাত মন মাৰি আছে আৰু কান্দিও আছে। মাকে মাত লগালে – “চন্দনা! মোৰ পখিলি!” তাই দৌৰি কান্দি-কান্দি ওচৰলৈ আহে আৰু মাকক সাৱটি ধৰে। তাই মাকৰ বিনে এদিনো ক’তো কটোৱা নাই, সেই বাবে তাইৰ অন্তৰখনে কান্দি উঠিছে। মাকে তাইক মৰমেৰে সাৱটি ধৰিলে আৰু কপালতে এটা চুমা খালে। তাইৰ চকুপানী মচি দিলে আৰু মাকে কলে – “নাকান্দিবি অ’ দেহা। আজিৰ পৰা এনেকুৱা নকৰিবি দেই!” চন্দনাই কান্দি-কান্দি সোধে – “মা তুমি মোক বেয়া পোৱা নাইনে। মই দেখুন তোমাৰ দামী গহনাযোৰ হেৰুৱালোঁ। তোমাৰ বহুত প্রিয় আছিল দেখুন।” মাকে হাঁহি এটা মাৰি কলে – “চোৱা চন্দনা কোনো মাতৃৰ বাবে তেওঁৰ সন্তানতকৈ অধিক উচ্চ ধন আছে ক’ত আৰু হব কোন? তুমি সেই গহনাযোৰতকৈও অধিক মূল্যবান মোৰ বাবে। সেইযোৰ মোৰ প্ৰিয় আছিল সঁচা কিন্তু সামান্যহে আছিল। তুমি সেইযোৰতকৈও অধিক মূল্যবান মোৰ বাবে। মই তোমাক কিয় গালি পৰিছিলোঁ বাৰু, কেৱল তোমাৰ ভুলৰ শুধৰণিৰ বাবে যাতে তুমি ভৱিষ্যতে সাৱধান হোৱা। তুমি যাতে সংকটত নপৰা সেই ভাবিহে মই তোমাক গালি পাৰিছিলোঁ। তোমাক সতৰ্ক কৰিবৰ কাৰণেহে কৈছিলোঁ, এইটোৱেই তুমি যদি ইমান গভীৰকৈ লোৱা কি হব বাৰু!” চন্দনাই ক’লে – “মা মোক ক্ষমা কৰি দিবা! মই জানি বুজি হেৰুৱা নাছিলোঁ আৰু অন্য দিন এনে আৰু নকৰো প্ৰতিশ্ৰুতি দিলোঁ!” মাকে কলে – “একো নাই দিয়া ভুল হৈয়েই আৰু সেই গহনাযোৰ মই আজি আলমাৰী এটা চাফ কৰোঁতে তাৰ ভিতৰত থকা এটা বেগৰ ভিতৰত গহনাযোৰ বিচাৰি পালোঁ। বাৰু এইবোৰ বাদ দিয়া তুমি কিবা খালানে?” চন্দনাই ক’লে – “নাই খোৱা!” দেউতাকে আনন্দত কলে – “আজি তোমাৰ প্রিয় মাছ লৈ যাম ব’লা!” তিনিও হাঁহি-হাঁহি গৃহমুখী হ’ল। সেইদিনাৰ পৰাই চন্দনাই মাতৃ পিতৃৰ প্ৰকৃত অৰ্থ বুজি পালে। ইয়াকে কয় নৈৰ সমান ব’ব কোন, আইৰ সমান হ’ব কোন।
নিতিষ্মান দাস