মা-দিপ্তী মনি গোস্বামী

মা
        দিপ্তী মনি গোস্বামী
        লখিমপুৰ (লালুক)
মা
এটি শব্দ অনুপম
বৰ্ণনাতীত অনুভৱ মনোৰম।
মা
এখন বিশাল সাগৰ
জোৱাৰ ভাটাৰ হেঁচুকনিত
বিচাৰি নাপাই এধানি ভাগৰ।
মা
এখন মুক্ত কিতাপ
কোনো দিন নিবিচাৰে একো খিতাপ।
মা
মমতাময়ী সুখৰ আলয়
নিজে তিতিও ছাতি দিয়ে শুকাইও ছাঁ দিয়ে।
মা
সৰগী সুখীনী জন্ম-জন্মান্তৰৰ জননী
মাৰ অভিধানত নাথাকে ভোক ভাগৰ টোপনি।
মাতৃ দিৱসৰ বাবে
নালাগে এটি বিশেষ দিন
প্ৰতি দিন প্ৰতি পলেই উদযাপন হ‌ওঁক এই দিন!