মা – কৃষ্ণা শইকীয়া

মা

কৃষ্ণা শইকীয়া,
একাদশ শ্ৰেণী,
জামুগুৰি, গোলাঘাট

মা… অ’ মা…
তুমি বাৰু কʼলৈ গুচি গ’লা মা ?
তোমালৈ মোৰ বহুত মনত পৰিছে জানা
মা… অ’মা…
তুমি বাৰু মোক আকাশৰ পৰা চাই আছা নেকি?
তুমি বাৰু ভালে আছানে ?
মোক ককায়ে কৈছে মৰা মানুহবোৰ হেনো আকাশত তৰা হৈ জিলিকি থাকে।
তুমিও বাৰু তৰা হৈ গʼলা নেকি ?
মা… অ’ মা …
তুমি যে মোক সৰুতে গান গায় শুৱাইছিলা
আৰু মই যে টোপনি গৈছিলোঁ
কিন্তু…
এতিয়া মোৰচোন শুৱাৰ সময়ত তোমালৈ বৰকৈ মনত পৰে !
মা… অ’ মা…
তুমি যে মোক সোণ বুলি মাতিছিলা
মোকচোন এতিয়া সোণ বুলি কোনেও নামাতে
তুমি মোক সোণ বুলি মাতিবানে ?
মা … অ’ মা …
তুমি মোক সোণ বুলি মাতাচোন!
মাতাচোন !
এবাৰ সোণ বুলি মাতা
মা… অ’মা… ।।