মালিগাঁৱত ‘জোনাকী মেলৰ জোনাক’

মালিগাঁৱত ‘জোনাকী মেলৰ জোনাক’

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম সাহিত্য সভাৰ শাখা শৰাইঘাট সাহিত্য সমাজৰ উদ্যোগতে মালিগাঁৱৰ ৰাজহুৱা নামঘৰ,বিজি কলনীত গীতিকবি পাৰ্বতী প্ৰসাদৰ সোঁৱৰণত ‘জোনাকী মেলৰ জোনাক’ আয়োজন কৰি মনৰ জোনাক বিলোৱাৰ প্ৰয়াস কৰে৷শাখাৰ স্থায়ী সভাপতি উমেশ কৰে পৌৰোহিত্য কৰা সভাত সাহিত্যিক পেন্সনাৰ বিৰজা দেৱীয়ে পৰিচালনা কৰে৷মেলৰ আহ্বায়ক অতুল মজুমদাৰে আদৰণি ভাষণ দিয়া অনুষ্ঠানত শৰাইঘাটৰ সম্পাদক ৰাজু ৰয়ে শাখাটোৰ সোণালী জয়ন্তী বৰ্ষৰ দুৱাৰ মুখত ৰৈ ’জোনাকী মেল’ৰ লেখীয়া ব্যতিক্ৰম অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনাৰ ৰেঙণি প্ৰকাশ কৰে৷অতিথি মেলুৱৈ,ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথম গৰাকী মহিলা,কন্ঠসংগীত শিল্পী ৰেণু দত্ত বৰফুকনে সৰুতে পাৰ্বতী প্ৰসাদক ওচৰৰ পৰা দেখাৰ স্মৃতি ৰোমন্থন কৰে৷নিৰ্দিষ্ট মেলুৱৈ কল্পনা কুমাৰী দাসে অসমৰ কাব্য সাহিত্যত গীতিকবি পাৰ্বতী প্ৰসাদৰ ব্যতিক্ৰম চিন্তাৰ বিভিন্ন দিশত তথ্য সমৃদ্ধ আলোকপাতেৰে জোনাকী মেলৰ মৰ্যদা বৃদ্ধি কৰে৷জোনাকী মেলত বিনু বৰা,ঊষা দাস বৰা,তৰুলতা মালাকৰ,প্ৰমোদা মালী,হীৰা দাস আদি শিল্পীয়ে একক আৰু সমবেত কন্ঠেৰে পাৰ্বতী প্ৰসাদৰ গীত পৰিৱেশন কৰে৷শিল্পী মুকুল কুমাৰ দাসে গীত পৰিৱেশন কৰি জীপাল কৰি তোলে৷স্বেচ্ছাসেৱী সংগঠন ’সেৱা’ৰ হৈ ৰূপজ্যোতি দত্তই মেলুৱৈৰ মাজত গছপুলি বিতৰণ কৰে৷শলাগৰ শৰাই আগবঢ়াই সদস্য দীপক কুমাৰ বৰাই৷