মালয়েছিয়া অ’পেনৰ প্ৰথম ৰাউণ্ডত এইচ এছ প্ৰণয় জয়ী

মালয়েছিয়া অ’পেনৰ প্ৰথম ৰাউণ্ডত এইচ এছ প্ৰণয় জয়ী

ৰঙিলী বাৰ্ত্তাসেৱা- মালয়েছিয়া অপেন ২০২২ত পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ এইচ এছ প্ৰণয়ে মালয়েছিয়াৰ লিউ ডাৰেনক ২১-১৪, ১৭-২১, ২১-১৮ ব্যৱধানত পৰাস্ত কৰে। আন ভাৰতীয় চাই প্ৰনীত আৰু সমীৰ বাৰ্মাই তেওঁলোকৰ নিজ নিজ প্ৰথম ৰাউণ্ডৰ খেলত পৰাজিত হৈছিল। পুৰুষৰ দ্বৈত প্ৰথম ৰাউণ্ডত সাতৱিকছাইৰাজ ৰাঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টীৰ ভাৰতীয় যুটিয়ে মেন ৱেই চোং আৰু কাই ৱুন টিক ২১-১৮, ২১-১১ ব্যৱৱধাৰাত পৰাস্ত কৰে।