মানৱ জীৱনত লক্ষ্মী আৰু সৰস্বতী দেৱীৰ প্রভাৱ – ড° ত্রিৱেণী

Pc Quora

মানৱ জীৱনত লক্ষ্মী আৰু সৰস্বতী দেৱীৰ প্রভাৱ

ড° ত্রিৱেণী
মটিভেশ্বনেল স্পীকাৰ

সৰুৰে পৰা যিখন ঘৰত মই ডাঙৰ-দীঘল হৈছো সেই পৰিবেশত পূজা-পাতল মোৰ বাবে এটি পৰিচিত শব্দ আছিল। এসময়ত মই লক্ষ্মী পূজাৰ দিনা মাৰ সৈতে গোঁসাই ঘৰত লক্ষ্মী পূজাৰ নীতি-নিয়ম পালন কৰিছিলো আৰু পাচালী পঢ়িছিলো । একেদৰে সৰস্বতী পূজাৰ দিনাও দেউতাই শিকাই দিয়া ধৰনেৰে দুই- এটা নিয়ম পালন কৰিছিলো । পৰৱৰ্তী সময়ত সেই অভ্যাস কমি আহিল যদিও আমাৰ জীৱনত দেৱী দুগৰাকীৰ গুৰুত্ব যে নিতান্ত প্রয়োজন সেই কথা মানিবলৈ বাধ্য। অৱশ্যে মই লক্ষ্মী আৰু সৰস্বতীৰ জন্মৰ ইতিহাস সম্পর্কে কোনো ধৰণৰ গভীৰ অধ্যয়ন আজিলৈকে কৰা নাই । এই খিনিতে আন এক অনুভৱো ব্যক্ত কৰি থওঁ যে, সৰুতে লক্ষ্মী চৰিত্র পুথি পঢ়োতে মোৰ ভক্তিভাৱ উদয় হোৱাৰ পৰিৱর্তে মনলৈ অন্য এক ভাৱহে আহিছিল । নাৰীয়ে ইটো কৰিব নাপায়, সিটো নাপায়, অমুক নাৰী লক্ষ্মী, তমুক নাৰী কুলক্ষণী- এইবোৰ কথাই মোৰ কোমল, সংবেদনশীল মনটোত খেলি-মেলিৰহে জন্ম হৈছিল, বিদ্বেষ ভাৱ উপজিছিল । সেয়ে লক্ষ্মী চৰিত্র পঢ়া বাদ দিয়াৰ দৰেই হৈছিল। আজিৰ তাৰিখত কথাখিনি লিখি থকাৰ সময়ত মোৰ হাতত মায়ে ‘ভাৰতকোষ’ কিতাপখন তুলি দিছিল । আৰু আজিহে জানিব পাৰিলো যে, বেদত চিহ্ন অর্থত লক্ষ্মী শব্দৰ প্রয়োগ আছে । অথর্ব্ব-বেদত সৌভাগ্য আৰু দুর্ভাগ্য – এই দুয়ো অর্থত লক্ষ্মী শব্দ পোৱা যায়। পাছলৈ লক্ষ্মী ধন-ঐশ্বৰ্য্যৰ অধিষ্ঠাত্রী দেৱী ৰূপে পৰিগণিত হয়। ইয়াৰোপৰি, লক্ষ্মীৰ জন্ম সম্পর্কে উল্লেখ কিতাপখনত আছে যদিও মোৰ এই লেখনীৰ উদ্দেশ্য হৈছে আমাৰ জীৱনত লক্ষী অর্থাৎ ধন, টকা-পইচাৰ প্ৰয়োজন কিমান ! একে আষাৰে কওঁ যে, মানৱ জীৱনত ধন-ঐশ্বর্য্যৰ প্রয়োজন যথেষ্ট। কেইবাশ বছৰৰ আগৰ কথা নাজানো, কিন্তু বর্তমান অভিজ্ঞতাৰ ভিত্তিত ক’ব বিচাৰো, চিকিৎসালয়ত শেষ উশাহ ল’বলৈকো আমাক টকাৰে প্রয়োজন। তথাপি দুই-এক অভিজ্ঞ ব্যক্তিৰ মুখত শুনা যায়, টকা-পইচা ক্ষন্তেকীয়া বুলি। ময়ো এই কথা বিশ্বাস কৰো কিন্তু কেতিয়া ? যেতিয়া অজস্র টকা থকা স্বত্ত্বেও জনৰ(মানুহ)অভাৱ হয় বা ভয়ানক বেমাৰে দেখা দিয়ে তেতিয়া। কিন্তু তাৰ বাহিৰে প্রতিটো কামতে আমাক টকা লাগিবই। অপ্রিয় হ’লেও সত্য যে, সৎ-বিদ্বান লোক এজনৰো যদি ধনৰ অভাৱ হয় তেওঁক সমাজে চিনি নাপায়, ঘৰৰ সদস্যয়ো কথা শুনায়, বন্ধু-বৰ্গই ঠাট্টা কৰে ইত্যাদি ।

এইবাৰ আহো সৰস্বতী দেৱীৰ প্রসঙ্গলৈ। ব্রহ্মাৰ মানস পুত্ৰী বুলি জানি অহা বিদ্যাৰ অধিষ্ঠাত্রী দেৱী গৰাকীৰ প্রভাৱ আমাৰ জীৱনত অতি প্রয়োজন । ধন ঘটিবলৈকো আমাৰ জ্ঞান- বুদ্ধি লাগিব। আমাৰ জীৱনৰ ভুলবোৰ জ্ঞানৰ অভাৱতে হয়। বিজ্ঞানীসকলে কৰা আৱিষ্কাৰবোৰৰ জৰিয়তে আমি বিলাসী জীপন যাপন কৰি আছো। ফেচবুকৰ আবিষ্কাৰক জুকাৰ বার্গৰ কথাই যদি চাবলৈ যাও আমি দেখিম যে, তেওঁ জ্ঞানৰ দ্বাৰা আমাক বশ কৰিছে । অৱশ্যে ঐশ্বর্য- ধন আৰু জ্ঞানৰ লগতে আমাক শক্তিৰো প্রয়োজন ।

শক্তিৰ অধিষ্ঠাত্রী দেৱী দুর্গাই আমাক শাৰীৰিক-মানসিক শক্তি দিলেহে আধুনিক জীৱনশৈলীত আমি খাপ খাই চলিব পাৰিম।

সেয়ে সদৌশেষত মোৰ সীমিত জ্ঞানৰ উপলব্ধিৰে ক’ব বিচাৰো যে, মানৱ জীৱনত লক্ষ্মী, সৰস্বতীৰ লগতে দেৱী দুর্গাৰো যি প্রভাৱ সেয়া গৱেষণাৰ বিষয় । তেওঁলোকৰ বিষয়ে বিজ্ঞান সন্মত, বাস্তৱ দিশবোৰ উন্মোচন কৰিব পাৰিলে ছাত্র-ছাত্রী উপকৃত হ’ব, নতুন প্রজন্মৰ আগ্রহ বাঢ়িব । সংস্কৃতৰ দেৱী বন্দনাৰ শ্লোক মতাৰ অভ্যাস কৰিলে উচ্চাৰণ স্পষ্ট, শুদ্ধ হোৱাৰ লগতে ডিঙিৰ ৰোগ হোৱাৰ সম্ভাৱনা কম হ’ব । কিমঅধিকম্।