মাধৱদেৱ বিশ্ববিদ্যালয়ত আপৰ ছাত্ৰ সংগঠন CYSS ৰ বৃহৎ জয়

মাধৱদেৱ বিশ্ববিদ্যালয়ত আপৰ ছাত্ৰ সংগঠন CYSS ৰ বৃহৎ জয়

ৰঙিলী বাৰ্ত্তাসেৱা- মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত প্ৰতিস্থিত ঐতিহ্যমণ্ডিত মাধৱদেৱ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ এইবাৰৰ নিৰ্বাচনত আম আদমি পাৰ্টীৰ ছাত্ৰ সংগঠন “ছাত্ৰ যুৱ সংগ্ৰাম সমিতি” CYSS ৰ সমৰ্থিত প্ৰাৰ্থীৰ বিজয় লাভ কৰিছে৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত বিশ্ববিদ্যালয় খনিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বহু হেজাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে৷ বিশ্ববিদ্যালয়ৰ স্বীকৃতি পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি পদকে আদি কৰি ৩ টাকৈ পদত CYSS ৰ সমৰ্থিত প্ৰাৰ্থী ক্ৰমেঃ সভাপতি পদত  গৌতম দলে, ক্ৰীড়া সম্পাদক পদত গুণীন্দ্ৰ কুটুম, ছাত্ৰী জিৰণি কোঠা সম্পাদক পদত জুৰি দেউৰীৰ বিজয়ী হয়৷ উল্লেখযোগ্য যে এই নিৰ্বাচনত বিজেপিৰ ছাত্ৰ সংগঠন ABVP এ প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল যদিও কিছু প্ৰাৰ্থীক বিজয় লাভ কৰাৰ পাছতহে সমৰ্থন আগবঢ়ায়৷ উজনি অসমৰ খিলঞ্জীয়া লোকৰ আধিপত্য থকা অঞ্চলত CYSS ৰ এই জয়ে আম আদমি পাৰ্টীক উৎফুল্লিত কৰি তুলিছে৷