মাত্র ২৮১ দিনৰ ভিতৰতে দেশৰ ১০০ কোটিৰ অধিক ক’ভিড ভেকচিনৰ ড’জ প্ৰদান কৰি ভাৰতে ৰচিলে ইতিহাস

pc News18

মাত্র ২৮১ দিনৰ ভিতৰতে দেশৰ ১০০ কোটিৰ অধিক ক’ভিড ভেকচিনৰ ড’জ প্ৰদান কৰি ভাৰতে ৰচিলে ইতিহাস

ৰঙিলী বাৰ্ত্তাসেৱা – ভাৰতে ক’ভিড ভেকচিনৰ ড’জ প্ৰদান কৰা ৰচিলে ইতিহাস। যক্ষ্মা ৰোগৰ ১০০ কোটি ভেকচিন দিবলৈ ৩২ বছৰ আৰু পলিঅ’ৰ ভেকচিন দিবলৈ দেশক ২০ বছৰ লাগিছে।  যিহেতু ক’ভিড-১৯ টিকাকৰণে ১০০ কোটিৰ অধিক ভেকচিন মাত্র ২৮১ দিনৰ ভিতৰতে প্রদান কৰে। ক’ভিড-১৯ টিকাকৰণে এই কৃতিত্ব দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। অভিলেখ গঢ়াৰ পাছতেই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে কয়— ভাৰতে ৰচিলে ইতিহাস। ভাৰতীয় বিজ্ঞান, উদ্যোগ আৰু ১৩০ কোটি ভাৰতীয়ৰ সংগৃহীত উদ্যমৰ বিজয়োল্লাসৰ আমি সাক্ষ্য হৈছোঁ। অভিনন্দন ভাৰত ১০০ কোটি টিকাকৰণৰ বাবে। আমাৰ চিকিৎসক-নাৰ্ছ আৰু যিসকলে এই মাইলৰ খুঁটি গঢ়াত কঠোৰ পৰিশ্ৰম কৰিলে, সেইসকলক কৃতজ্ঞতা। ঘাতক ক’ভিড-১৯এ সংহাৰী ৰূপ লৈ জনজীৱন বিধ্বস্ত কৰাৰ লগতে অর্থনীতিও বিধ্বস্ত কৰাৰ সময়তে ভাৰতীয় বিজ্ঞানীয়ে ক’ভিড-১৯ৰ ভেকচিন থলুৱাভাৱে বিকশিত কৰি পিছলৈ সেই ক’ভিড ভেকচিন দেশবাসীক প্ৰদান কৰাৰ সুবিধা কৰি দিয়ে। যোৱা ১৬ জানুৱাৰীৰ পৰা পর্যায়ক্রমে ক’ভিড-১৯ টিকাকৰণ অভিযান আৰম্ভ হৈ পিছলৈ ক্ষিপ্ৰতৰ হৈ ২৮১ দিনৰ ভিতৰত ১০০ কোটি ক’ভিড ভেকচিন ড’জ প্ৰদান কৰি এক অভিলেখ গঢ়িলে। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে, এশ কোটিৰ অধিক ভেকচিন ড’জ প্ৰদান কৰাৰ ভিতৰত প্ৰাপ্তবয়স্ক লোকৰ ৭৫ শতাংশৰ অধিকক প্ৰথমটো ড’জ প্ৰদান কৰা হৈছে। প্ৰাপ্তবয়স্কৰ ৩১ শতাংশক ভেকচিনৰ দুয়োটা ড’জ প্ৰদান কৰা হৈছে। আনপিনে ১৩০ কোটি মুঠ জনসংখ্যাৰ ভিতৰত ৩০ কোটি লোকক সম্পূর্ণ টিকাকৰণ কৰা হৈছে। ক’ভিড প্ৰতিৰোধী ভেকচিন ৯ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ এশ শতাংশ লোকক প্ৰদান কৰা হৈছে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, চণ্ডীগড়, গোৱা, হিমাচল প্রদেশ, জম্মু-কাশ্মীৰ, লাক্ষাদ্বীপ, ছিকিম, উত্তৰাখণ্ড আৰু দাদা-নগৰ হাভেলিৰ প্ৰতিগৰাকী লোকক অতি কমেও এটাকৈ ভেকচিন ড’জ প্ৰদান কৰা হৈছে। ভেকচিত্ৰৰ ড’জ প্ৰদান কৰা ৫ শীৰ্ষ ৰাজ্যৰ ভিতৰত আছে উত্তৰ প্রদেশ, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, গুজৰাট আৰু মধ্যপ্রদেশ ।