মাতৃ দিৱস আয়োজনৰ প্ৰয়োজনীয়তা আছেনে-মানসী মিশ্ৰ

মাতৃ দিৱস আয়োজনৰ প্ৰয়োজনীয়তা আছেনে …..

 ভূমিষ্ঠ হোৱাৰ পিছতেই পৃথিৱীত প্ৰতিটো শিশুৱে যিখিনি নিৰাপদ ঠাই বিচাৰি পায় সেয়া মাতৃৰ  কোলা । ওপজাৰ পিছত  শিশুটিয়ে প্ৰথম মাত ফুটোতেই উচ্চাৰণ কৰা শব্দটোৱে ‘ মা’  । বহু উজাগৰী নিশা পাৰ কৰে মাতৃগৰাতীয়ে  সন্তানটিক  লালন পালন কৰোঁতে  ।  গৰ্ভত ধাৰণ কৰা  দিনটোৰ পৰা মাতৃগৰাকী  পৃথিৱীত  জীয়াই থকালৈকে  সন্তানটিক মৰম আপডালৰ মাজত জীয়াই  ৰাখিব বিচাৰে । এনেস্থলত মাতৃগৰাকী  প্ৰতিগৰাকী সন্তানৰ মনত কেৱল অভিভাৱকেই নহয় দেৱীসদৃশ । একেদৰেই সন্তানেও যিমানেই জনা বুজা নহওঁক   মাতৃগৰাকী তেওঁৰ জীৱনত  প্ৰচ্ছাযাৰ দৰে  থকাটো বিচাৰে ।

 মাতৃ আৰু সন্তানৰ মাজত আবেগিক সম্পৰ্ক ইমান গভীৰ হোৱাৰ পিছত এগৰাকী মাতৃক মনত  পেলাবলৈ সুকীয়াকৈ মাতৃদিৱসৰ প্ৰয়োজন আছেনে । সন্তানৰ বাবে প্ৰতিটো দিনেই  মাতৃ দিৱস হোৱা উচিত । আমাৰ সমাজ খনত  মাজে মাজে দুই চাৰিটা বিক্ষিপ্ত ঘটনা ঘটে যিসমূহে প্ৰতিগৰাকী মাতৃৰ মৰ্য্যাদাত কুঠাৰাঘাট কৰে  । মাতৃগৰাকী যেতিয়া সন্তানৰ অৱহেলাত ফুটপাথৰ আলহি হ’ব লগা হয় , যেতিয়া পুত্ৰই মদ্যপান কৰিবলৈ মাতৃক ধন দাবী কৰি সেই ধন দিবলৈ মাতৃগৰাকী অসমৰ্থ হোৱাত তেওঁক হত্যা কৰা হয় এনেবোৰ ঘটনাই মাতৃৰ প্ৰতি থকা চৰম অৱহেলাকে সূচায় ।

কেতিয়াবা মনলৈ ভাব আহে অশেষ ত্যাগ আৰু ধৈৰ্য্যৰ মাজেদি বিভিন্ন ঘাট প্ৰতিঘাট , প্ৰত্যাহবান নেওচি ডাঙৰ কৰা সন্তানসকলৰ মনত যাতে এক গভীৰ সন্মানবোধ আৰু চেতনাবোধ জগাই তুলিব  পৰা যায় তাৰ বাবে হয়তো কিছু সুকীয়া সময়ৰ প্ৰয়োজন । এই দিনটোত সমগ্ৰ প্ৰান্ততে মাতৃগৰাকীৰ  অৱদানৰ কথা বহুল ভাৱে চিন্তা চৰ্চা  কৰা কৰিব  আৰু এয়াই  হয়তো সমাজৰ বাবে এক জনজাগৰণ অনাত সহায়ক হ’ব ।

মানসী মিশ্ৰ