মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস : ৪০ খন গ্ৰন্থ উন্মোচনেৰে অভিলেখ

মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস : ৪০ খন গ্ৰন্থ উন্মোচনেৰে অভিলেখ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ সময়তে মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আজি একেটা দিনতে চল্লিশখনকৈ গ্ৰন্থ উন্মোচন কৰি অসমীয়া ভাষা সাহিত্যলৈ প্ৰেৰণ কৰিছে এক যোগাত্মক বাৰ্তা। গড়মূৰস্থিত জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যালয়ত নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ স্থায়ী সভানেত্ৰী মণিকা মহন্ত গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সমাৰোহ সমিতিৰ অংগনা, শ্যামলী আৰু মন আকাশৰ ছৱি তিনিখন গ্ৰন্থৰ লগতে সমিতিৰ সদস্যাই লিখা ৩৭ খন গ্ৰন্থ আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় ৷ জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা লখিমী বৰা শইকীয়াই উদেশ্য ব্যাখ্যা কৰা সভা উদ্ধোধন কৰি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী মিনতি শইকীয়াই সম্পাদনা কৰা ‘মন আকাশৰ ছৱি (অনুগল্প সংকলন) উন্মোচন কৰে ৷ তেখেতে ভাষণত সৃষ্টিশীল সাহিত্যই সমাজ এখনৰ সঠিক যাত্ৰাপথত দিক্‌ দৰ্শন কৰিব পাৰে, আওবাটে বাট বুলিব খোজা এটা প্ৰজন্মক নিদিৰ্ষ্ট সঠিক দগললৈ ওভতাই আনিব পাৰে ৷ সেইবাবেই সাহিত্যৰ ক্ষেত্ৰত মনোনিৱেশ কৰা সকলোৱেই সৰ্বক্ষণতে সতৰ্কতা অৱলম্বন কৰা উচিত বুলি কয় ৷ তেওঁ আজিৰ দিনটো গৌৰৱৰ দিন বুলি উল্লেখ কৰি লেখিকা সমাৰোহৰ সকলোলৈ ধন্যবাদ জনায় ৷
সমিতিৰ পাৰুল বৰা মিলিয়ে সম্পাদনা কৰা কাব্য গ্ৰন্থ ‘অংগনা’ উন্মোচন কৰে মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ ভূঞা আৰু সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী মিনতি শইকীয়াই সম্পাদনা কৰা কাব্য গ্ৰন্থ ‘শ্যামলী’ উন্মোচন কৰে জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়াই। তাৰ পিচতে সভাত উপস্থিত থকা সন্মানীয় অতিথি নতুন কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ সত্যজিৎ মহন্ত, অধ্যক্ষ ড° দেৱজিৎ শইকীয়া, দিবাকৰ শইকীয়া, ৰঞ্জিত কুমাৰ ভূঞা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰতি বৰা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা চেনেহী গগৈ, গড়মূৰ প্ৰেছ ক্লাবৰ সভাপতি উৎপল কাকতি, অৱসৰপ্ৰাপ্ত গ্ৰন্থগাৰীক ইলা শৰ্মা বৰঠাকুৰ, জেষ্ঠ সাংবাদিক যদু কলিতা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী মিনতি শইকীয়া, ভানু নাথ, জিলা সভানেত্ৰী মণিকা মহন্ত গোস্বামী আৰু ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যাপিকা পাৰুল বৰা মিলিয়ে গ্ৰন্থ সমূহ উন্মোচন কৰি লেখিকা সকলক শলাগ লয় আৰু সাহিত্যৰ চৰ্চা অব্যাহত ৰাখিবলৈ আহবান জনায় ৷ সভাত মাজুলীৰ বিধায়ক ভুবন গাম সন্মানীয় অতিথি হিচাবে উপস্থিত থাকি লেখিকা সমাৰোহৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত লেখিকা সকলক শুভেচ্ছা জ্ঞাপন কৰি মাতৃ সমাজক এখন সুষ্ঠ সবল সমাজ গঠনত আত্মনিয়োগ কৰিবলৈ আহবান জনায় ৷ সভাৰ শেষত সভানেত্ৰীৰ মন্তব্য আৰু অসম সংগীত পৰিবেশনেৰে সভা ভংগ হয় ৷ ইয়াৰ পূৰ্বে পুৱা জিলাৰ স্থায়ী কাৰ্যালয়ত পৰিবেশ নিকাকৰণৰ পিছত গছপুলি ৰোপণ কৰে গড়মূৰ শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সৰজু দত্ত বৰুৱাই ৷ লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক ড° শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি স্মৃতি তৰ্পণ কৰে প্ৰাক্তন কাৰ্যকৰী সদস্যা সাবিত্ৰী বৰাই ৷ পতাকা উত্তোলন কৰে জিলা সভানেত্ৰী মণিকা মহন্ত গোস্বামীয়ে ৷ লেখিকা সমাৰোহৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে প্ৰতিষ্ঠাপক সভানেত্ৰী মিনতি শইকীয়াই।