মাজুলী জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ যৌথ উদ্যোগত ভকত চাপৰিৰ ১০০ বিঘা কৃষিভূমি সামৰি ৰঙালাওঁ খেতিৰ আনুস্থানিক শুভাৰম্ভণি

মাজুলী জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ যৌথ উদ্যোগত ভকত চাপৰিৰ ১০০ বিঘা কৃষিভূমি সামৰি ৰঙালাওঁ খেতিৰ আনুস্থানিক শুভাৰম্ভণি
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলীৰ বিভিন্ন অঞ্চলৰ খেতিপথাৰত ৰবি শস্য হিচাপে মটৰ মাহ, সৰিয়হ আদি খেতিত প্ৰতি বিঘাত পাঁচ-ছয় হাজাৰ টকা উপাৰ্জন হোৱাৰ পৰিৱৰ্তে ৰঙালাওৰ দৰে উচ্চ মূল্যৰ উৎপাদনশীল শস্যসমূহ খেতি কৰিলে বিঘাত ত্ৰিশ-চল্লিশ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিব পৰা যায়।
এনে প্ৰসঙ্গত মাজুলীৰ কৃষকসকলক অধিক উৎপাদনমুখী খেতিৰ ফালে আগবঢ়াই নিয়াৰ উদ্দেশ্য আগত ৰাখি এক প্ৰচেষ্টা হিচাপে মাজুলী জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ যৌথ উদ্যোগত আজি জিলাখনৰ ভকত চাপৰি অঞ্চলৰ জামুগুৰি গাওঁত প্ৰায় ১০০ বিঘা কৃষিভূমি সামৰি ৰঙালাওঁ খেতিৰ আনুস্থানিক শুভাৰম্ভণি কৰা হয়। আগন্তুক দিনত জিলাখনক ৰাজ্যখনৰ ভিতৰতে কৃষি উৎপাদনৰ দিশৰ পৰা এখন অগ্ৰণী জিলা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা এই প্ৰচেষ্টাৰ অধীনত ৬৩ গৰাকী খেতিয়কৰ মাজত প্ৰায় ২০ কিলোগ্ৰাম উন্নতমানৰ ৰঙালাওঁৰ বীজ বিতৰণ কৰা হয় ।
এই আনুষ্ঠানিক বীজ ৰোপণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত (কৃষি) সৰুজ সোণোৱাল, জিলা কৃষি বিষয়া নাচেৰ ইকবাল ৰেজা, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ভাস্কৰ ফুকন, কৃষি উন্নয়ন বিষয়া পংকজ পুৰাণ, সহকাৰী কৃষি পৰিদৰ্শক প্ৰভাত শইকীয়া প্ৰমুখ্যে বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু ভালেসংখ্যক কৃষক উপস্থিত থাকে।