মাজুলীৰ শংকৰদেৱ শিশু নিকেতন ৰতনপুৰ গায়নৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ

মাজুলীৰ শংকৰদেৱ শিশু নিকেতন ৰতনপুৰ গায়নৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ

বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  উজনি মাজুলীৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতন ৰতনপুৰ গায়নৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ বৰ্ষজোৰা কাৰ্যসূচীৰ আজি শুভ উদ্ধোধন কৰা হয়। এই উপলক্ষে পুৱা নিকেতনৰ পতাকা উত্তোলন কৰে প্ৰতিষ্ঠা কালৰ প্ৰধান আচাৰ্য জীৱকান্ত দত্তই। পতাকা উত্তোলনৰ পাছতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি ,প্ৰতিষ্ঠাকালৰ নিকেতন পৰিচালনা সমিতি, মাতৃ ভাৰতীৰ সভানেত্ৰী/সম্পাদিকা আৰু বৰ্তমানৰ আচাৰ্য/আচার্যাকে ধৰি পঁচিছ জন লোকে ২৫ গছ বন্তি জ্বলাই ৰূপালী জয়ন্তী ধুমধামেৰে অনুষ্ঠিত কৰাৰ দৃঢ় সংকল্প লয়।ইয়াৰ পাছতে নিকেতনৰ ছাত্ৰী সকলে গীত পৰিবেশন কৰি সভাৰ কাৰ্যসূচী আৰম্ভ কৰে।মাজুলী জিলাৰ সংকুল প্ৰমুখ দ্বীপেন হাজৰিকা, ৰতনপুৰ বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৱনী বৰা, প্ৰতিষ্ঠা কালৰ প্ৰথমখন মুকলি সভাৰ সভাপতি দুলাল তামুলী, দৈনিক জনমভূমি কাকতৰ সাংবাদিক পদ্মধৰ কলিতা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গকুল শইকীয়া, অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক প্ৰদীপ শৰ্মা ,অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পাৰুল হাজৰিকা, প্ৰতিষ্ঠাকালৰ মাতৃ ভাৰতীৰ সভানেত্ৰী শুভ বৰা আৰু পঞ্চায়তৰ সভানেত্ৰী বিপ্ৰাজ্যোতি কলিতাই অহা ২০২৫ বৰ্ষৰ ৭ আৰু ৮ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ল লগা ৰূপালী জয়ন্তী অনুষ্ঠান কেনেদৰে উদযাপন কৰা হ’ব তাৰ ওপৰত আলোকপাত কৰে।আজিৰ অনুষ্ঠানত উপস্থিত থকা লখিমপুৰ দেওতোলা উচ্চমাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যাদৱ হাজৰিকাক সম্বৰ্ধনা জনোৱা হয়। তেখেতে লিখা এখন ইংৰাজী ব্যাকৰণ সহ নগদ এহেজাৰ টকা নিকেতনখনলৈ আগবঢ়াই। এই সভাতেই সংকুল প্ৰমুখ দ্বীপেন হাজৰিকাই  ৰূপালী জয়ন্তী অনুষ্ঠানলৈ ২ হাজাৰ টকা আগবঢ়াই। নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলৰ নৃত্য-গীতে অনুষ্ঠানটি মুখৰিত কৰি তোলে। যি সকল ব্যক্তিৰ কাম কাজে অনুষ্ঠানতো অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়ালে আৰু উপস্থিত সকলোকে প্ৰধান আচাৰ্যা পূণ্য শইকীয়াই শলাগৰ শৰাই আগবঢ়াই। সমগ্ৰ কাৰ্যসূচী আঁতধৰি পৰিচালনা কৰে নিকেতনৰ আচাৰ্য জয়ন্ত মাধৱ কলিতাই।