মাজুলীত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰা হৈছে ফেৰী সেৱা

মাজুলীত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰা হৈছে ফেৰী সেৱা

ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলীত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰা হৈছে ফেৰী সেৱা। নিমাতীৰ পৰা মাজুলী সংযোগী ফেৰী সমূহৰ চলাচল অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে। উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰা বাবে সুৰক্ষামূলক ভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এক নিৰ্দেশনাও জাৰি কৰিছে।