মাজবাট ধৰ্ষণকাণ্ডৰ ৫ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য কঁপাই যোৱা মাজবাট ধৰ্ষণ কাণ্ডৰ ৰায়দান। এগৰাকী কিশোৰীক দলবদ্ধ ধর্ষণ কৰা পাঁচ অভিযুক্তক দোষী সাব্যস্ত কৰাৰ লগতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে। এই ঘটনা সংঘটিত হোৱাৰ পাছত বিগত ছমাহ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে পাঁচ পাষণ্ড ক্রমে অভিজুল আলী, মুস্তাক আহমেদ, মুহিদুল ইছলাম, এহছান আহমেদ আৰু ছাদ্দাম হুছেইনক যাৱজ্জীৱন কাৰাদণ্ড বিহে। উল্লেখ্য যে যোৱা ২২ জুনত মাজবাটত সংঘটিত হৈছিল এই ঘটনা । মাজবাট প্রাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত লামাবাৰী ৰামানুজন ইংলিছ স্কুলৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্রী ২২ জুনৰ বিয়লি মাজবাটৰ লাচিত নগৰৰ বিজ্ঞান শিক্ষক ভবেন বড়োৰ ওচৰলৈ টিউচনৰ বাবে গৈছিল। কিন্তু শিক্ষকগৰাকী অসুস্থ হৈ থকাৰ বাবে টিউচন নকৰাকৈয়ে কিশোৰীগৰাকী উভতি আহে। সেই সময়ত কিশোৰীগৰাকীয়ে তেওঁৰ বন্ধু তথা মাজবাট ৰে’ল ষ্টেচনৰ বিষ্ণু নগৰৰ বাসিন্দা ৰাজ বাছফৰৰ বাইকেৰে ঘৰলৈ উভতি আহে। সেই সময়তে ১ নম্বৰ নাহৰবাৰী (ইটাভাতা)ৰ সমীপত অভিজুল আলী আৰু মুস্তাক আহমেদে তেওঁলোকক আগচি ধৰে আৰু বাইকৰ চাবি কাঢ়ি লৈ দুয়োকে চাহ বাগিচাৰ মাজলৈ খোজকঢ়াই লৈ যায়। উক্ত স্থানত থকা আন তিনিজন যুৱকে কিশোৰীগৰাকী আৰু তেওঁৰ বন্ধু ৰাজক মাৰধৰ কৰে। সমান্তৰালভাৱে ৰাজক মুস্তাক আহমেদে আঁঠু কঢ়াই উক্ত স্থানত ৰখাই থৈ দিয়ে। সেই সময়তে মহিদুল ইছলাম, অভিজুল আলী, ছাদ্দাম হুছেইন আৰু এহছান আহমেদে কিশোৰীগৰাকীক চাহ বাগিচাৰ ভিতৰলৈ নি ধৰ্ষণ কৰে। পাছত ৰাজক ৰখি থকা মুস্তাক আহমেদেও কিশোৰীগৰাকীক ধর্ষণ কৰে। পৰৱৰ্তী সময়ত কিশোৰীগৰাকীৰ পৰিয়ালে মাজবাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৬৫/৩৭৬ (ডি)/৩২৩/৫০৬ ধাৰাত এটা গোচৰ ৰুজু কৰে। গোচৰ ৰুজু কৰাৰ পাছতে তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈও সক্ষম হয়। সেইসময়ত এই ঘটনাই সমগ্র মাজবাটতে ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰে। স্থানীয় লোকসকলৰ লগতে দল-সংগঠনসমূহে প্রতিবাদ সাব্যস্ত কৰি আটাইকেইজন অভিযুক্তক মৃত্যুদণ্ডৰ দাবী উত্থাপন কৰে। পৰৱৰ্তী সময়ত এই ঘটনাৰ বিচাৰ প্রক্রিয়া জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত আৰম্ভ হয়। আৰক্ষীৰ তথ্য- প্রমাণ তথা সাক্ষ্যৰ ভিত্তিত আজি ছমাহৰ অন্তত আদালতে অভিজুল, মুস্তাক, মুহিদুল, এহছান আৰু ছাদ্দামক যাৱজ্জীৱন কাৰাদণ্ড বিহে।