Skip to content
- ২০২০ চনৰ ৩১ ডিচেম্বৰৰ পাছত মাইক্ৰ’ ফাই নেন্সৰ পৰা ঋণ লোৱা লোকে সুবিধা নাপাব ৷ কেৱল ২০২০ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ঋণ গ্ৰহণকাৰীকহে এই আঁচনিৰ আওতাত সামৰি লোৱা হ’ব ।
- যিসমূহ পৰিয়ালৰ বছৰি আয় ১ লাখ টকাতকৈ অধিক, উক্ত পৰিয়ালসমূহক ঋণ মাফ দিয়া নহয় ৷
- চাৰিকীয়া বাহন থকা পৰিয়ালসমূহেও লাভ নকৰিব এই সুবিধা। টিভি, ৰেফ্রিজাৰেটৰ থকা পৰিয়ালসমূহ সন্দৰ্ভতো চৰকাৰে বিবেচনা কৰি আছে।
- যিসমূহ এজনতকৈ অধিক লোকে মাইক্ৰ’ ফাইনেন্সৰ পৰা ঋণ লৈছে উক্ত পৰিয়ালসমূহো চৰকাৰৰ ঋণ মাফ আঁচনিৰ আওতাত নপৰিব।
- ঋণ মাফৰ এক নির্দিষ্ট সীমা থাকিব। উক্ত সীমাৰ ওপৰত চৰকাৰে গ্ৰাহকক ঋণ মাফ কৰি নিদিয়ে। এই সীমা ৫০ হেজাৰ টকাৰ পৰা ১ লাখ টকাৰ ভিতৰত হোৱাৰ সম্ভাৱনাই অধিক। অর্থাৎ ১ লাখ টকাৰ ওপৰত মাইক্ৰ’ ফাইনেন্সৰ পৰা ঋণ লোৱা লোকে ঋণ মাফ আঁচনিৰ সুবিধা গ্ৰহণ নকৰিবও পাৰে৷ অৱশ্যে এইক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্রহণ প্রক্রিয়া এতিয়াও বাকী।
- এন পি এ (নন পাৰফর্মিং এছেট) হোৱা ঋণ চৰকাৰী বিবেচনাত নাহে। অর্থাৎ এন পি এ হোৱা গ্ৰাহকক চৰকাৰে ঋণ মাফ কৰি নিদিয়ে।
- স্বাস্থ্য আৰু শিক্ষাৰ বাবে গ্ৰহণ কৰা ঋণ চৰকাৰে মাফ নকৰে।
error: Content is protected !!