মহিলা হৈ ভলীবল খেলত অংশলোৱাৰ বাবে তালিবানৰ চৰম শাস্তি

Pc- Fox Sports

মহিলা হৈ ভলীবল খেলত অংশলোৱাৰ বাবে তালিবানৰ চৰম শাস্তি

ৰঙিলী বাৰ্ত্তাসেৱা- আফগানিস্তান জুনিয়ৰ মহিলা ভলীবল দলৰ প্ৰশিক্ষক ছুৰায়া আফজালীয়ে এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে তালিবানে মাজাবিন হাকিমী নামৰ খেলুৱৈগৰাকীক অক্টোবৰৰ প্ৰথম সপ্তাহত নৃশংসভাৱে শিৰশ্ছেদ কৰিছিল। মহিলা হৈ ভলীবল খেলত অংশলোৱাৰ বাবে তালিবানৰ এই নৃশংসতাৰ বলি হʼল এইগৰাকী আফগানিস্তানৰ উদীয়মান খেলুৱৈ। কাবুল মিউনিচিপেলিটী ভলীবল ক্লাবৰ প্ৰতিভাবান খেলুৱৈগৰাকীক শিৰশ্ছেদ কৰাৰ কথা ৰাজহুৱা নকৰিবলৈ তালিবানে খেলুৱৈগৰাকীৰ পৰিয়ালক ভাবুকি দিয়াৰ বাবে এই পর্যন্ত বিষয়টো পোহৰলৈ অহা নাছিল।