মহিন্দ্রা এণ্ড মহিন্দ্ৰা কোম্পানীয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমলৈ আগবঢ়োৱা এম্বুলেঞ্চ সেৱা আৰম্ভ

pc- Unitreed Times

মহিন্দ্রা এণ্ড মহিন্দ্ৰা কোম্পানীয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমলৈ আগবঢ়োৱা এম্বুলেঞ্চ সেৱা আৰম্ভ

অনলাইন বাৰ্ত্তাসেৱা- মহিন্দ্রা এণ্ড মহিন্দ্ৰা কোম্পানীয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমলৈ আগবঢ়োৱা ১৪খন বিনামূলীয়া এম্বুলেঞ্চ সেৱাৰ দুখন এম্বুলেঞ্চ ছিপাঝাৰ খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰত মুকলি কৰে ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমলৈ এটা প্রতিষ্ঠিত প্রতিষ্ঠানে বিনামূলীয়াকৈ আগবঢ়োৱা এম্বুলেঞ্চ সেৱা উদ্বোধনী অনুষ্ঠানত দৰং জিলা অতিৰিক্ত উপায়ুক্ত পল্লৱী কছাৰী, দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰূপলাল নুনিছা, ছিপাঝাৰ খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ প্রহ্লাদ চন্দ্ৰ শৰ্মা, উপ-অধীক্ষক ডাঃ দুৰ্গেশ্বৰ শৰ্মা, দেওমৰনৈ স্বাস্থ্য কেন্দ্ৰৰ অধীক্ষক ডাঃ কমলাকান্ত শৰ্মা আদি উপস্থিত থাকে । উল্লেখ্য যে কোম্পানীটোৱে আগবঢ়োৱা মুঠ ১৪খন এম্বুলেঞ্চৰ ভিতৰত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমে দৰঙৰ ছিপাঝাৰ, দেওমৰনৈ আৰু খাৰুপেটীয়াৰ পানবাৰী চিকিৎসালয়লৈ আগবঢ়াইছে।

 

(RT)