মহাৰাষ্ট্ৰত চৰকাৰ ভঙা-পতাৰ নামত গুৱাহাটীত বিলাস

pc- The Janambhumi

মহাৰাষ্ট্ৰত চৰকাৰ ভঙা-পতাৰ নামত গুৱাহাটীত বিলাস

ৰঙিলী বাৰ্ত্তাসেৱা- মহাৰাষ্ট্ৰত চৰকাৰ ভঙা-পতাৰ নামত গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বিলাস।মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কসকলৰ বাবে গুৱাহাটীৰ ৰেডিছন ব্লুত কোটিটকীয়া ৰাজআতিথ্য। ৰেডিশ্যন ব্লুৰ এক উচ্চস্তৰীয় সূত্ৰই সদৰি কৰা অনুসৰি ৭ দিনৰ বাবে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ বাবে আগতীয়াকৈ বুকিং কৰি থোৱা হৈছিল হোটেল ৰেডিশ্বন ব্লুৰ ৭০টা কোঠা।হোটেল ৰেডিশ্বন ব্লুৰ এই কোঠাকেইটাৰ বাবে হোটেল কৰ্তৃপক্ষক দিব লাগিব ৫৬ লাখ টকা।প্ৰতিদিনে বিধায়কসকলৰ খোৱাৰ বাবদ ব্যয় হৈছে ৮ লাখকৈ টকা।অন্যান্য শিতানত ব্যয়ৰ বাবে সাজু কৰি ৰখা হৈছে আন ১০ লাখ টকা।সেই হিচাপত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক হোটেল ৰেডিশ্বন ব্লুত ৰখাৰ বাবদ ৭ দিনত সৰ্বমুঠ খৰচ হ’ব প্ৰায় ১ কোটি ১২ লাখ টকা।এই ব্যয় আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।লগতে আছে ছাৰ্টাৰ্ড ফ্লাইট, গাড়ীৰ খৰচ।মহানগৰৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে তদাৰক কৰিছে নিৰাপত্তা ব্যৱস্থা।যাৰ পৰিপ্ৰেক্ষিতত বিলাসী হোটেলখন অসম আৰক্ষীৰ তদাৰকত আছে।উল্লেখযোগ্য যে, ৰাজ্যত প্ৰৱল বানপানীয়ে তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়তে মহাৰাষ্ট্ৰত চৰকাৰ ভঙা-পতাক লৈ ইমান বৃহৎ সংখ্যক ধন ব্যয়ক লৈ সচেতন লোকৰ চকু কপালত উঠিছে।