মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি

Pc Wikipedia

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি

ৰঙিলী বাৰ্ত্তাসেৱা- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৪ সংখ্যক তিৰোভাৱ তিথি৷ অসমীয়া সমাজ জীৱন তথা সাহিত্য-সংস্কৃতিৰ পিতৃস্বৰূপ গুৰুজনাৰ তিৰোভাৱ তিথি ৰাজ্যজুৰি পালন কৰা হৈছে৷তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ নাম কীৰ্তনেৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্য৷ মাজুলী,ঢেকীয়াখোৱা বৰনামঘৰ,বৰপেটা সত্ৰকে ধৰি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত গুৰুজনাৰ এই তিথি পালন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত উখল-মাখল পৰিৱেশ৷বটদ্ৰৱাত গুৰুজনাৰ তিৰোভাৱ তিথি ‘গুৰু কীৰ্তন’ পৰম্পৰাগত নীতি-নিয়মেৰে পালন কৰা হৈছে৷উল্লেখযোগ্য যে, গুৰুজনাক হৰিনাম কীৰ্তনেৰে  সমগ্ৰ ৰাজ্যত ভক্তপ্ৰাণ ৰাইজে সোঁৱৰণ কৰিছে।