মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ব্ৰঞ্জৰ মূৰ্তি কলাক্ষেত্ৰত প্রতিষ্ঠা

pc- The Sentinel ASsam

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ব্ৰঞ্জৰ মূৰ্তি কলাক্ষেত্ৰত প্রতিষ্ঠা

ৰঙিলী বাৰ্ত্তাসেৱা- শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটা ব্ৰঞ্জৰ মূৰ্তি প্ৰাণ পাই উঠিব। মিৰ্জাৰ ভাস্কর্য শিল্পী বিজু কুমাৰ দাসে যুদ্ধকালীন তৎপৰতাৰে চলাইছে আবক্ষ মূর্তি নিৰ্মাণৰ কাম ৷ সম্পূৰ্ণ হৈছে আবক্ষ মূৰ্তিৰ ১০ শতাংশ কাম।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত নিৰ্মাণ কৰি থকা হৈছে আবক্ষ মূর্তি প্রতিষ্ঠাৰ বাবে মাৰ্বল, টাইলছ নিৰ্মাণৰ কাম।কাম সম্পূর্ণ হ’লেই আগন্তুক দুই তিনি মাহৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উজলি থাকিব জগতগুৰু আনহাতে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই ১২ ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তিয়ে আকৰ্ষিত কৰিব দেশী-বিদেশী পর্যটকক। ৰাজ্য চৰকাৰৰ সহযোগত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র আন্তর্জাতিক প্রেক্ষাগৃহৰ সন্মুখভাগত প্রতিষ্ঠা কৰা হ’ব এই আবক্ষ মূৰ্তিটো আগন্তুক দুই-তিনি মাহৰ ভিতৰত দর্শনার্থীসকলে দেখিবলৈ পাব জগতগুৰুৰ আবক্ষ মূৰ্তিটো। ইয়াৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রই পাব আন এক নতুন ৰূপ৷