মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ চমু অৱলোকন
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
অসমীয়া সাহিত্য জগতৰ অমূল্য সম্পদ বৰগীতৰ স্ৰষ্টা শংকৰদেৱ আৰু মাধৱদেৱ।মাধৱদেৱ শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল।দুয়োজনা গুৰুৰ বৰগীত সমূহত আধ্যাত্মিক ভাৱৰ প্ৰকাশ পৰিলক্ষিত হয়।বৰগীতত বেদ-উপনিষদৰ মৰ্মাৰ্থ,বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হয়।১৪৮৯ খৃষ্টাব্দত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেতেকুপুখুৰী নামেৰে ঠাইত মাধৱদেৱে জন্মগ্ৰহণ কৰিছিল।মাধৱদেৱ সৰুৰে পৰাই পঢ়া-শুনাত চোকা ব্যক্তি আছিল।গুৰুৱে এবাৰ কিবা এটা শিকাই দিয়াৰ পাছত দ্বিতীয়বাৰ সেই বিষয়ে কেতিয়াও ক’ব লগা হোৱা নাছিল।শাস্ত্ৰজ্ঞান লাভ কৰি পাছলৈ মাধৱদেৱে শংকৰদেৱৰ ওচৰত শৰণ লয়।মাধৱদেৱে পৰৱৰ্তী সময়ত সাংসাৰিক জীৱনৰ আশা ত্যাগ কৰি গুৰু সেৱাত নিমজ্জিত হ’ল আৰু ধৰ্মচৰ্চা কৰিবলৈ ললে।মাধৱদেৱ আছিল শাক্ত ধৰ্মাৱলম্বী লোক।তেওঁ পূজা-পাতল বলি বিধান আদি নিয়মবোৰ মানি চলিছিল। কিছুদিন পূৰ্বেই পিতৃ বিয়োগৰ শোক পাহৰিব নোৱাৰোতেই মাতৃৰ টান নৰিয়া হোৱাৰ খবৰ পোৱাত মাধৱদেৱে মাক আৰু পৰিয়ালৰ আশু আৰোগ্য কামনা কৰি আগন্তুক দুৰ্গা পূজাত গোসাঁনীলৈ বুলি এযোৰ বগা পঠা ছাগলী মনতে আগবঢ়ায়। যথা সময়ত বলি দিবৰ নিমিত্তে বৈনায়েক ৰামদাসক ছাগলী আনিবলৈ পঠালে। কিন্তু ৰামদাসে ইতিমধ্যেই শংকৰদেৱৰ ওচৰত শৰণ লৈছিল। সেয়ে তেওঁ মাধৱক দেৱীৰ আগত জন্তু বলি দিয়া কাৰ্য ধৰ্মমতৰ পৰিপন্থী বুলি বুজালে। তাকে শুনি মাধৱদেৱৰ খং উঠিল আৰু দুয়োৰে মাজত বিতৰ্ক আৰম্ভ হ’ল আৰু এই বিতৰ্কৰ সমাধান মৰ্মে দুয়ো শংকৰদেৱৰ ওচৰলৈ গ’ল। যথাসময়ত শংকৰদেৱৰ লগত মাধৱদেৱৰ তৰ্কযুদ্ধ আৰম্ভ হ’ল। নিবৃত্তি, ভক্তি মাৰ্গ আৰু প্ৰবৃত্তি মাৰ্গৰ প্ৰমাণ দি তৰ্ক কৰিবলৈ ধৰিলে।সুদীৰ্ঘ ন-ঘণ্টা ধৰি দুয়োৰে মাজত যুক্তি-তৰ্ক চলাৰ পাছত শংকৰদেৱে ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পৰা এটি শ্লোক উল্লেখ কৰি নিবৃত্তি পথ আৰু ভক্তিমাৰ্গৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিলে আৰু বিতৰ্কৰ অন্ত পেলালে। শ্লোকটি হ’ল-
“যথাতৰোৰ্মূল নিষচনেন,
তৃপ্যন্তি তত্স্কন্ধ- বুজোপশাখাঃ
প্ৰাণোপহাৰাচ্চ যথেন্দ্ৰিয়াণাং
তথা চ সৰ্বাচৰ্নমচ্যতেঙ্গ্যা। “
একেজন ঈশ্বৰ কৃষ্ণক পৰম আৰাধ্য দেৱতা বুলি গ্ৰহণ কৰি সেইদিনাৰ পৰা শাক্তপন্থী মহাতান্ত্ৰিক মাধৱদেৱ হ’ল বৈষ্ণৱসকলৰ শিৰোমণি মহাপুৰুষ শ্ৰীমাধৱদেৱ। মাধৱদেৱে শংকৰদেৱৰ ওচৰত শৰণ ল’লে। ‘শংকৰ-মাধৱ’ এই গুৰু-শিষ্যৰ সম্পৰ্ক হৈ পৰিল অভিন্ন আৰু তুলনাবিহীন। শঙ্কৰ-মাধৱৰ এই মহামিলনক মণি-কাঞ্চণ সংযোগ বুলি কোৱা হয়।তাৰপাছত শংকৰদেৱৰ লগতেই মাধৱদেৱে সময় কটাবলৈ আৰম্ভ কৰিলে।শংকৰদেৱে মৃত্যু হোৱাৰ আগেয়ে মাধৱদেৱক উত্তৰাধিকাৰী ধৰ্মগুৰু পাতে।সুন্দৰীদিয়া আৰু বৰপেটাত মাধৱদেৱে সত্ৰ পাতিছিল।১৫৯৬ খৃষ্টাব্দত কোচবিহাৰত মাধৱদেৱে ইহলীলা সম্বৰণ কৰে।
মাধৱদেৱে অসমীয়া ভাষা সাহিত্যলৈ অমূল্য অৱদান আগবঢ়াই গৈছে।নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ লগতে কাব্য,নাট,পদ,ভটিমা,গীত আদি ৰচনা কৰি অসমীয়া সাহিত্য জগতখন সমৃদ্ধিশালী কৰি তুলিছিল।’নামঘোষা’ মাধৱদেৱৰ কীৰ্তিস্তম্ভস্বৰূপ।নামঘোষাখনত এহেজাৰ শ্লোক থকা বাবে ‘হেজাৰী ঘোষা বুলিও কোৱা হয়।জানিব পৰা মতে ‘নামঘোষা’খন মাধৱদেৱৰ শেষ বয়সৰ ৰচনা।’অৰ্জুন ভঞ্জন’ মাধৱদেৱৰ প্ৰথম ৰচনা বুলিও জনা যায়।
আখ্যানমূলক ৰচনা–ৰাজসূয় কাব্য,
আদিকাণ্ড ৰামায়ণ(অনুবাদ)।
তত্ত্বমূলক ৰচনা–জন্মৰহস্য,ভক্তি ৰত্নাৱলী,
নামমালিকা,নামঘোষা।
নাট–অৰ্জুন ভঞ্জন, দধিমথন,চোৰ-ধৰা,
পিম্পৰা-গুচোৱা,ভূমি-লেটোৱা,ভো
ঝুমুৰা–চোৰধৰা,পিম্পৰা গুচোৱা,
ভোজন বিহাৰ,ভূমি লেটোৱা,কোটোৰা খেলা।
অন্যান্য ৰচনা–ৰাস ঝুমুৰা।
ভক্তি ৰত্নাৱলী মাধৱদেৱৰ এখন মূল্যৱান ধৰ্মপুথি।মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা ১৫৭ টা।মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হৈছে- বাৎসল্য ভাবৰ প্ৰকাশ।বৎস মানে হ’ল শিশু।ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়া-কলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীতসমূহত বাৎসল্য ভাবপ্ৰধান বুলি কোৱা হয়।যশোদাই ভগৱান শ্ৰীকৃষ্ণক কোলাত তুলি মৰম কৰা,শ্ৰীকৃষ্ণক জগাবলৈ মৰমত মতা,বৃন্দাবনত গোপ- বালকসকলৰ সৈতে লীলা কৰা বৰ্ণনাও মাধৱদেৱৰ বৰগীতত পোৱা যায়।মাধৱদেৱ এজন সু-নাট্যকাৰ আছিল।তেওঁ নাট লিখাৰ উপৰিও পৰিচালনাও কৰিছিল।কথাগুৰু চৰিত মতে ভক্তসকলৰ অনুৰোধত গোবৰ্দ্ধন যাত্ৰা আৰু ৰাসযাত্ৰা নাট দুখন মাধৱদেৱে নিজে পৰিচালনা কৰি ভক্তসকলক আমোদ দিছিল।বৰবিষ্ণু আতাৰ অনুৰোধত মাধৱদেৱে নৰসিংহ যাত্ৰা নাটত নৰসিংহৰ ভাওত নিজে অভিনয় কৰিছিল।মাধৱ কন্দলিয়ে সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰে যদিও তাৰে দুটা কাণ্ড উত্তৰাকাণ্ড আৰু আদি কাণ্ড নাছিল।শংকৰদেৱ আৰু মাধৱদেৱেহে সম্পূৰ্ণ কৰিছিল।মাধৱদেৱে আদি কাণ্ড ৰচনা কৰিছিল আৰু মাধৱ কন্দলিৰ ৰামায়ণত ভনিতাও সংযোগ কৰে।মাধৱদেৱৰ একমাত্ৰ কাব্যগ্ৰন্থখন হৈছে ‘ৰাজসূয়’।এই কাব্যগ্ৰন্থখন ভাগৱত দশম স্কন্ধৰ আধাৰত ৰচিত।মাধৱদেৱে ৬ খন নাট ৰচনা কৰিছিল যদিও ৫ খন নাটহে পোৱা গৈছে।
দুয়োজনা গুৰুৰ দ্বাৰা ৰচিত বৰগীতৰ ৰাগ,তাল,সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাবৰ প্ৰৱাহ লক্ষ্য কৰা যায়।সেইবাবে ড° বাণীকান্ত কাকতিয়ে বৰগীতসমূহক Noble Numbers বুলি কৈছে।একেদৰে কালিৰাম মেধিয়ে বৰগীতক Great Song বা Song Celestial আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই Holy Songs বুলি কৈছে।অন্য গীততকৈ শ্ৰেষ্ঠ অৰ্থত ইয়াক বৰগীত আখ্যা দিয়া হৈছে।বৰগীতসমূহ ব্ৰজাৱলী নামৰ এটি কৃত্ৰিম সাহিত্যক ভাষাত ৰচিত।শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়েও ‘কথাগুৰুচৰিত’ত কিছুমান অলৌকিক অথচ গুৰুজনাৰ মহিমাৰ কথা প্ৰকাশ কৰা বহুতো কাহিনী পোৱা যায়।’গুৰুচৰিত’ত জন্মৰ পৰা মৃত্যুলৈকে মাধৱদেৱৰ বিভিন্ন কাহিনী ৰজিতা খুৱাই সন্নিৱিষ্ট কৰিছে যদিও কাহিনীবোৰৰ স্থান,কালৰ লগত ঘটনা প্ৰৱাহৰ কেতিয়াবা বিসংগতিও পৰিলক্ষিত হোৱা দেখা যায়।বৰ্তমান মাধৱদেৱ আমাৰ মাজত জীয়াই নাথাকিলেও তেখেতৰ কৰ্মৰাজি সদায় অমৰ হৈ থাকিব।অসমীয়া জাতি,ধৰ্ম, সাহিত্য-সংস্কৃতি জগতলৈ আগবঢ়োৱা অৱদানে অসমীয়াৰ ভঁৰাল চহকী কৰি ৰাখিব।