মহান জাতীয় সংগঠন অসম সাহিত্য সভা
ফখৰুদ্দিন আহমেদ
তাহানি দিনতেই কলকাতালৈ অধ্যয়ন কৰিবলৈ যোৱা অসমীয়া ছাত্ৰ সকলৰ ” অসমীয়া ছাত্ৰৰ চাহ মেল”ৰ পৰা জন্ম হৈছিল ” অসমীয়া ভাষা উন্নতি সাধিনী সভা”ৰ। এই সংগঠনটিৰ উদ্যোগত আৰম্ভ হৈছিল ” জোনাকী ” আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্যৰ গৌৰৱোজ্বল ইতিহাসৰ পৰিক্ৰমা । এই পৰিক্ৰমাই অসমীয়া সাহিত্যক প্ৰদান কৰিছিল এটি ঐতিহাসিক যুগ। যিটো যুগক অসমীয়া সাহিত্যৰ সাধক সকলে নাম দিছিল “জোনাকী যুগ”। এনে ধৰণৰ সাহিত্য কৰ্ম আৰু ত্যাগৰ বিনিময়ত ইং ১৯১৭ চনত গঠন হৈছিল অসম আৰু অসমীয়াৰ অন্তৰাত্মাৰ সৈতে জড়িত মহান জাতীয় সংগঠন ” অসম সাহিত্য সভা”ৰ।সাম্প্ৰতিক সময়ত অসম সাহিত্য সভাই শতাব্দীৰ অধিক কাল অতিক্ৰম কৰাৰ শুভ মুহূৰ্তত উত্থাপিত এটি অনাকাংখিত প্ৰশ্ন হৈছে অসম সাহিত্য সভাই নিজৰ গৰিমা হেৰুৱাইছে নেকি ? এটি নহয় , এনে অলেখ প্ৰশ্ন সম্প্ৰতি প্ৰচাৰ মাধ্যমৰ বিভিন্ন মেডিয়া যোগে প্ৰকাশ হৈ আহিছে। এয়া নিশ্চয় অসম সাহিত্য সভাৰ কাৰণে ইতিবাচক দিশ হ’ব নোৱাৰে।
ব্যক্তিগত ভাবে অসম সাহিত্য সভাৰ সৈতে আমি ইং ১৯৯৪ চনৰ পৰা বিশেষ ভাবে জড়িত হৈ আহিছো। সাম্প্ৰতিক সময়টো এই জাতীয় মহা সংগঠনটিৰ সৈতে আত্মিক ভাবে জড়িত হৈ আছো। অৱশ্যে আমি নিজেও ওপৰোক্ত প্ৰশ্ন সমূহৰ সমূখীন নোহোৱা নহয়।
অসম সাহিত্য সভাৰ এগৰাকী সাধাৰণ কৰ্মী হোৱাৰ সুবাদতে ইং ২০০৫ চনত দৰং জিলাৰ ছিপাঝাৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনৰ আদৰণী সমিতিত এগৰাকী “সহকাৰী সাধাৰণ সম্পাদক ” হিচাপে সেৱা আগবঢ়াবলৈ সুযোগ পাইছিলো। দৰং জিলা সাহিত্য সভাৰ পত্ৰিকাৰ সহকাৰী সম্পাদক আৰু সাংগঠনিক সম্পাদক হিচাপেও সেৱা ইতিমধ্যে আগবঢ়াই আহিছো। আমি সানোৱা সাহিত্য সভাৰ সম্পাদক হৈ থকা কালত ইং ১৯৯৭ চনৰ ১১ অক্টোবৰ তাৰিখ শনিবাৰে এই শাখাটিৰ জৰিয়তে অসম সাহিত্য সভাই অসমৰ জাতীয় জীৱনৰ মহা সংগঠক মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেবৰ জন্ম জয়ন্তীৰ উৎসবৰ লগত সংগতি ৰাখি ” সংহতি সপ্তাহ ” ৰ শুভাৰম্ভণি অনুষ্ঠানটি ৰূপায়ণ কৰিছিল। উক্ত অনুষ্ঠানটিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত স্থানীয় সানোৱাবাসী ৰাইজৰ সহযোগিতা অসম সাহিত্য সভাৰ ইতিহাসত চিৰদিন উজ্বলি থাকিব বুলি মুকলি সভাত তদানিন্তন সভাপতি ডঃ নগেন শইকীয়াই উশ্বাস ভৰা কণ্ঠেৰে মন্তব্য কৰিছিল। কাৰণ আছিল সানোৱা হৈছে এশ শতাংশ গৰিয়া জনবসতিপূৰ্ণ মুছলমান গাঁও।
সময়ে সময়ে অসম সাহিত্য সভাই বিতৰ্কৰ আবৰ্তত প্ৰবেশ কৰা পৰিলক্ষিত হৈ আহিছে। বহু বেছিকৈ উচ্চাৰিত হোৱা অভিযোগবোৰৰ ভিতৰত প্ৰধান অভিযোগ হৈছে অসম সাহিত্য সভাৰ মজিয়াত অসাহিত্যিকৰ দপ্ দপনি আৰম্ভ হৈছে। বৰ্তমান ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া একেৰাহে প্ৰধান সম্পাদক , উপ সভাপতি আৰু সভাপতি হোৱাৰ ক্ষেত্ৰটো কিছুমানে অভিযোগৰ আঙুলি টোৱায়। কিন্তু সুক্ষ্মভাবে দৃষ্টিপাট কৰিলে ওলাই পৰে যে এগৰাকী উপযুক্ত ব্যক্তি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক , উপ সভাপতি আৰু সভাপতি ৰূপে বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচিত হোৱাত সাংবিধানিক ভাবে কোনো বাধা নাই । অসম সাহিত্য সভাৰ উক্ত পদবীবোৰত অধিষ্ঠিত হোৱাৰ ক্ষেত্ৰত তেখেতৰ সকলোবোৰ বৈশিষ্ট্যই আছে। পিছে সংবাদ মাধ্যমত সৰ্ব শেষত ওলাই পৰিল যে এয়া আছিল অসমৰ এচাম তথাকথিত সাহিত্যিকৰ মানসিক অন্তৰ্দ্বন্দ্বৰহে ফচল আৰু তাত সাৰ পানী যোগাইছিল সাহিত্যিক পোচাকধাৰী এচাম অসাহিত্যিকেহে । অহেতুক বিতৰ্ক কৰিব বিচৰা সকলৰ বাবে এনে বিষয়বোৰ যেন একো একোটা সঞ্জীবনী টনিকৰ লেখিয়াহে। সাম্প্ৰতিক সময়টো উপসভাপতি মৃণালিনী দেৱী ডাঙৰীয়ানীৰ ক্ষেত্ৰটো সেই একেটি প্ৰক্ৰিয়াই চলি আছে। উপসভাপতি গৰাকী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ হোৱাৰ বাবে বহুতে এয়া ৰাজনৈতিক প্ৰভাবত সংঘটিত হোৱা বুলিও চ’চিয়েল মেডিয়াত হকে বিহকে মন্তব্য কৰি আহিছে। পিছে এখেতো অসম সাহিত্য সভাৰ সংবিধান মৰ্মে নিৰ্বাচিত হৈ অহা এগৰাকী শ্ৰদ্ধেয় সাহিত্যিক। এখেত এগৰাকী সুসাহিত্যিক হোৱাৰ উপৰিও এগৰাকী সাংগঠনিক দিশৰ পাৰদৰ্শী ব্যক্তি ।বিতৰ্কৰ সৃষ্টিকাৰী সকলে এপিনে অনিয়ম সংঘটিত হোৱা বুলি বিতৰ্কৰ সূচনা কৰে আৰু আন পিনে অসম সাহিত্য সভাৰ বিষয়ববীয়া নিৰ্বাচন কৰা সাংবিধানিক নীতি নিয়মক ভৰিৰে মোহাৰি নিজেই অনাহুত ভাবে বিতৰ্ক সৃষ্টিত অৰিহনা যোগায়। শেহতীয়াকৈ শিবসাগৰত অনুষ্ঠিত হৈ যোৱা কাৰ্যনিৰ্বাহক সভাত খাদ্যৰ লগত গাহৰি মাংসৰ ব্যঞ্জন যোগান ধৰাক লৈ পুনৰ এটি নতুন বিতৰ্ক আৰম্ভ হৈছে। অসম সাহিত্য সভা যিহেতু জাতি , ধৰ্ম , বৰ্ণ আৰু সম্প্ৰদায় নিৰ্বিশেষে সকলো অসমীয়াৰে বুকুৰ আপোন। এনে এটি অনুষ্ঠানৰ মজিয়াত এনে ধৰণৰ খাদ্য বিতৰ্ক হ’বই নালাগিছিল। সকলো জাতি , ধৰ্ম , বৰ্ণ আৰু সম্প্ৰদায়ৰ মানুহে একেলগে বহি একে খাদ্য খাব পৰাকৈ উমৈহতীয়া খাদ্য সম্ভাৰ যোগান ধৰাৰ কৰ্তব্য আছিল আয়োজক সকলৰ। এই ক্ষেত্ৰত আমি উল্লেখ কৰিব বিচাৰো যে ইং ১৯৯৭ চনৰ ১১ অক্টোবৰ তাৰিখ শনিবাৰে সানোৱা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা অসম সাহিত্য সভাৰ সংহতি সপ্তাহৰ শুভাৰম্ভনি অনুষ্ঠানৰ দুপৰীয়াৰ আহাৰ জাতি , ধৰ্ম, বৰ্ণ আৰু সম্প্ৰদায় নিৰ্বিশেষে সকলো সাহিত্য প্ৰেমীয়ে একেলগে বহি গ্ৰহণ কৰিছিল ।কাৰণ তাত উমৈহতীয়াকৈ খাব পৰা খাদ্য যোগান ধৰা হৈছিল। চ’চিয়েল মেডিয়াৰ বিতৰ্কত দেখিছো কিছুমানে শিবসাগৰত গাহৰি মাংস আৰু লেটা পোকৰ ব্যঞ্জন শিবসাগৰীয়া সংস্কৃতিৰ ব্যঞ্জন বুলি উল্লেখ কৰিছে। এই বিলাক হৈছে অসমীয়া সমাজখনক পুনৰ ভাগ ভাগ কৰিবলৈ সুস্থ মগজুৰে কৰা ষড়যন্ত্ৰ।কাৰণ সকলো জাতি , ধৰ্ম , বৰ্ণ আৰু সম্প্ৰদায়ৰ বাসস্থান লগতে পুৰণি কালৰ পৰা ঐক্য আৰু সংহতিৰ ৰম্য ভুমি বুলি পৰিচিত শিবসাগৰৰ সাংস্কৃতিক ব্যঞ্জন হিচাপে এই দুবিধ খাদ্য যে প্ৰসিদ্ধ এয়া নতুনকৈ শুনিলো। এনে ধৰণৰ অনুষ্ঠানৰ কাৰ্যসুচী সকলো পিনৰ পৰা কোনো ধৰণৰ আউল নলগাকৈ সম্পন্ন কৰিব পাৰি তাৰ প্ৰতি অসম সাহিত্য সভাৰ বিষয়ববীয়া সকলে চোকা নজৰ ৰাখিলে এনে বিসংগতি কেতিয়াও ঘটিবলৈ নাপালেহেতেন।এয়া অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানৰ বাবে সঁচাকৈয়ে নেতিবাচক দিশ হিচাপে বিবেচিত হৈ থাকিব।
অসম সাহিত্য সভাক তুলা ধুনা দি সমালোচনা কৰা সকলে এই অনুষ্ঠানটিয়ে অসমীয়া ভাষা , সাহিত্য আৰু সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ কৰি অহা মহা সংগ্ৰাম খনি সদায় এৰাই চলি অহা পৰিলক্ষিত হয়। অসমীয়া সাহিত্যৰ বাবে অৰ্পিত জীবন সৰ্বস্ব এচাম মহান সাহিত্যিকে গুৰি বঠা ধৰা অসম সাহিত্য সভাত নিজকে বিখ্যাত সাহিত্যিক বুলি ভবা এচাম অসাহিত্যিক ব্যক্তিত্বৰ মানুহে স্থান নাপাই যিকোনো বিষয়কে বিতৰ্কৰ আবৰ্তলৈ যে নিব বিচাৰে সেয়া সময়ে সময়ে প্ৰতিপন্ন হৈ আহিছে।
বিতৰ্ক হ’ব লাগে কিন্তু কেৱল বিতৰ্কৰ কাৰণেই বিতৰ্ক হ’ব নালাগে। সঁচা বিতৰ্কিত বিষয়ক যোগাত্মক আলোচনাৰ মাধ্যমেৰে আগুৱাই লৈ গ’লে সমস্যা সমাধান হোৱাৰ লগতে অনুষ্ঠানটিৰ পৰম উপকাৰ হয়।
অসম সাহিত্য সভাৰ জৰিয়তে অসমীয়া ভাষা , সাহিত্য আৰু সংস্কৃতি যিমান খিনি টনকীয়াল হৈছে আন কোনোৱেই ইমান খিনি কৰিব পৰা নাই। বিভিন্ন মানুহৰ দ্বাৰা পৰিচালিত অসম সাহিত্য সভাৰ ভুল হ’ব পাৰে ।তাৰ বাবে বিতৰ্ক আহিব পাৰে।মাত্ৰ সেই বিতৰ্কক গইনা হিচাপে লৈ অনুষ্ঠানটিক মোহাৰি নিশেষ কৰাৰ মানসিকতা নলৈ ইতিবাচক মন্তব্য আৰু কৰ্মৰাজিৰে অসম সাহিত্য সভাক মহীয়ান কৰাত সাহিত্য সেৱী , সাহিত্য প্ৰেমী , সাহিত্য সংগঠক আৰু সৰ্ব সাধাৰণ অসমীয়া ৰাইজ আগবাঢ়ি অহাটো নিত্যান্তই আৱশ্যক হৈ পৰিছে। তেতিয়াহে অসম সাহিত্য সভাৰ জৰিয়তে অসমীয়া ভাষা , সাহিত্য আৰু সংস্কৃতিয়ে বিশ্বৰ দৰবাৰত সুকীয়া আসন লাভ কৰিব পাৰিব।