ম’বাইল ফোনত বন্দী সোণালী শৈশৱ – গোপাল জালান

ম’বাইল ফোনত বন্দী সোণালী শৈশৱ

গোপাল জালান

আজিৰ শিশুৰ সোণালী শৈশৱ বন্দী ম’বাইল ফোনত। বিশেষকৈ ম’বাইলত ইণ্টাৰনেট বা গুগল উপলব্ধ হোৱাৰ পাছত বিপন্ন হৈছে শৈশৱ। আজিৰ শিশুৰ মাজত শৈশৱৰ মাদকতা বিচাৰি পোৱা নাযায়। ক্ৰমাৎ হিংস্ৰ হ’বলৈ ধৰিছে শিশুসকল। অতিসম্প্রতি কিছুমান শিশুৰ আচৰণ দেখিলে মনত এনে ভাব হয় যেন সেয়া উন্মাদ বহিঃপ্রকাশ। শিশু বুলি যদিও শিশুসকলৰ কিছুমান কাম-কাজ ডাঙৰসকলে হাঁহিৰে উৰুৱাই দিবলৈ খোজে— সেয়া পিছে ভয়ংকৰ ভৱিষ্যতৰ ইংগিতৰ বাহিৰে আন একো নহয়। শিশুসকল এনে অৱস্থাৰ মাজত বন্দী হোৱাৰ বাবে দায়ী কোন? বিগত দুবছৰ কভিডকালীন পৰিস্থিতিৰ হেতুকে শিশুসকল অধিক ম’বাইলপ্রবণ হোৱা বুলি বহুতেই মন্তব্য কৰিছে যদিও দৰাচলতে এই যুক্তি কিমান বাস্তৱসম্মত। কেৱল পলায়নবাদী মানসিকতাৰ পিতৃ-মাতৃ তথা অভিভাৱকৰ মন্তব্য নেকি এয়া। নে আধুনিক শিশুৰ মনটোৰ কথাবোৰ উপলব্ধি কৰাত জ্যেষ্ঠসকল ব্যর্থ হৈছে?

মানি ল’লোঁ বিগত দুবছৰ শিক্ষানুষ্ঠান বন্ধ থকাৰ বাবে শিশুসকলে দিনটোৰ বেছিভাগ সময় ম’বাইলৰ মাজতে আবদ্ধ হৈ আছে। যিহেতু আজিকালি প্ৰায়ভাগ পিতৃ-মাতৃয়েই এতিয়া কিবা নহয় কিবা কামত ব্যস্ত থাকে, সেয়েহে শিশুটিয়ে যাতে বেছি আমনি কৰিব নোৱাৰে তাৰ বাবে ম’বাইলতে ব্যস্ত ৰাখে। পিত মাতৃ অধিক বস্তুবাদী হোৱাৰ বাবে শিশুৰ মনটো বুজিবলৈ চেষ্টা নকৰে। আন কিছুমানে আকৌ বুজি পালেও নুবুজাৰ ভাও ধৰিয়ে বিষয়টোৰ পৰা ফালৰি কাটি থাকে। ফলত পিতৃ-মাতৃৰ পৰা যিমান মৰম-চেনেহ পাব লাগিছিল আৰু তেওঁলোকৰ স’তে সময় অতিবাহিত কৰাৰ প্ৰয়োজন আছিল, সেয়া নকৰাৰ ফলন পিতৃ মাতৃৰ স’তে সন্তানৰ ব্যৱধান বৃদ্ধি পাইছে। এই ব্যৱধান কিছুমান ক্ষেত্ৰত ইমানেই বেছি হৈছে যে ইয়াৰ পৰিমাণ জটিলৰ পৰা জটিলতৰ দিশে গতি কৰিছে।

পিতৃ-মাতৃৰ অনুশাসনৰ বাহিৰলৈ ওলাই গৈছে। এতিয়া ‘চেকনিৰ আগত বিদ্যা” নোহোৱা হোৱাত পিতৃ-মাতৃৰ ৰঙা চকুৱেও সন্তানক অনুশাসনৰ মাজত ৰাখিব নোৱাৰা হৈছে। শিশুটিয়ে এটা শুদ্ধ পথেৰে খোজ দিবলৈ হ’লে পিতৃ-মাতৃৰ লগতে অভিভাৱকে শিশু মনটোক ভালদৰে বুজি ল’ব লাগিব। শিশুটিয়ে যাতে বেছি আমনি নকৰে তাৰ বাবে কেইটামান দামী দামী চকলেট, বিস্কুট, ফাষ্টফুড, জাংকফুড হাতত তুলি দিলেই যথেষ্ট নহয়। বিলাসী গাড়ীত বহুৱাই বিদ্যালয়ৰ পৰা অনা নিয়া কৰা, বিলাসী হোটেল-ৰেস্তোৰাঁত সপ্তাহত এদিন ‘পার্টি’ থোৱাটোৰে শিশুটিক শুদ্ধপথেৰে আগুৱাই নিয়াটো অসম্ভব।

কিছুমান পৰিস্থিতিক আমি সকলোৱে মানি ল’বই লাগিব। প্রাকৃতিক দুর্যোগ, মহামাৰী, অতিমাৰী আদিৰ সময়ত কেৱল শিশুৱেই নহয়, ইয়াৰ প্ৰভাৱ সকলোৰে ওপৰত পৰিবই। যিহেতু অতিমাৰী ক’ভিডৰ বাবে বিগত দুবছৰে শিশুসকল বিদ্যালয়লৈ যাব পৰা নাই। অৱশ্যে পঢ়া-শুনাত যাতে ব্যাঘাত নজন্মে তাৰ বাবে অনলাইন পদ্ধতিৰে পাঠদান গ্রহণ পদ্ধতি আৰম্ভ হ’ল। কোনো বিকল্প পথৰ সন্ধান নোপোৱাৰ বাবে অনলাইন পদ্ধতিৰে বিদ্যাদান গ্রহণ চলিল। কিছুমান আকৌ স্মার্টফোন কিনিব নোৱাৰাৰ বাবে শিক্ষা গ্ৰহণৰ বঞ্চিত হ’ল। এনে শিশুৰ মনত হতাশাৰ সৃষ্টি নোহোৱাকৈ নাথাকিল। এনে শিশুৰ মনত হতাশাৰ সৃষ্টি নোহোৱাকৈ নাথাকিল। জীবন মানে কি সেয়া বুজি নাপাওঁতেই কিছুমানে আনকি আত্মহত্যাৰ মাথোঁ বাছি ল’লে। সন্মুখত এখন অন্ধকাৰ ছবি দেখিয়েই হয়তো কিছুমান শিশুৱে বিপথে গমন কৰিলে। ইয়াৰ মাজতো একাংশই পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি খেলা-ধূলা, সংগীত আহৰণ তথা ছবি অঁকা আদি কামত আগুৱাই গ’ল। শিশু সাহিত্যৰো সৃষ্টি হ’ল। কিছুমান শিশুৱে সময় অবাবত ব্যয় নকৰি সৃষ্টিশীল কামত আত্মনিয়োগ কৰিলে। উদ্ভাৱন কৰিলে বহুতো সৰু সৰু আৰ্হি। কোনোবাই যদি ম’বাইল চার্জ কৰিব পৰা বেটাৰীৰ আৰ্হি প্রস্তুত কৰিছে, আন কোনোবাই আকৌ ঘৰুৱা সঁজুলি প্রস্তুত কৰিছে। হস্তকলাতো আগুৱাই গৈছে।

এতিয়া কথা হ’ল যদি ক’ৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ বাবেই শিশুৰ সোণালী শৈশৱ ধ্বংস হৈছে তেনেহ’লে এনে ভয়াৱহ পৰিস্থতিৰ মাজতো একাংশই নিজৰ কৰ্ম তথা সৃষ্টিৰে আন দহজনৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হ’ল। ম’বাইল চোৱাটো একেবাৰে নেতিবাচক বুলিও ক’ব নোৱাৰি। কাৰণ ম’বাইল চালেও বহুতো শিশুৱে ইয়াৰ সদ্ব্যৱহাৰ কৰি সেয়া নিজৰ বিকাশত খটুৱাইছে। এইক্ষেত্ৰত পিতৃ-মাতৃ আৰু অভিভাৱকেও শিশুটিক নিশ্চয় সহায় কৰিছে। তদুপৰি জ্ঞান আহৰণৰ বাবে বহু সময়ত কিতাপ ক্রয় কৰা বা বিচাৰি পোৱাটো সম্ভৱো নহয়। এনে পৰিস্থিতিত ম’বাইলত উপলব্ধ গুগলেই হৈ পৰে মহৌষধ।

সকলো বস্তুৰে ভাল-বেয়া দুয়োটা দিশেই থাকে। আমি কেৱল বেয়া দিশটোৰ ওপৰত গুৰুত্ব দি পলায়নবাদী মানসিকতাৰে নিজৰ দুৰ্বল দিশসমূহ ঢাকি ৰাখিব খুজিছোঁ। সন্তানে ম’বাইলটো চাই থাকোঁতে কেতিয়াবা সিহঁতে কি চাইছে সেয়া নিৰীক্ষণ কৰো জানো? নিশ্চয় নকৰো। বৰং বেছি সময় ম’বাইলত ব্যস্ত থাকিল ভাল পোৱা পিতৃ-মাতৃ, অভিভাৱকৰ সংখ্যাও কম নহ’ব। ম’বাইলটোক দোষ দি সন্তানৰ নিজৰ ভবিষ্যৎ ধ্বংস নকৰিবলৈ প্ৰতিগৰাকী পিতৃ-মাতৃ তথা অভিভাৱক সতর্ক হ’বই লাগিব। ইয়াৰ বিকল্প নাই। কাৰণ আজিৰ পৃথিৱীখন ইমান আগুৱাই গৈছে যে ম’বাইল অবিহনে বিশ্বৰ স’তে সংযোগ ৰখাৰো বিকল্প পথ নাই।