মন কা বাত- ড° ত্রিৱেণী শৰ্মা বৰুৱা

pc 4K Wallpaper

মন কা বাত

ড° ত্রিৱেণী শৰ্মা বৰুৱা
যোগাযোগ..৭০০২১১৬২০১

আজি কেইদিনমান আগত ডিফুত হোৱা মিটিঙৰ বাবে বিশেষকৈ গুৱাহাটীত চিটি বাছৰ বাৰুকৈয়ে অভাৱ হৈছিল।মই কলেজলৈ যিহেতু বাছত অহা-যোৱা কৰোঁ সেয়ে মই সেইকেইদিন বহু অসুবিধা পাইছিলো।সেয়ে সামাজিক মাধ্যমত মই বাছৰ অভাৱৰ কথাটো লিখিছিলো।ইয়াত কাকো দোষাৰোপ কৰা নাছিলো,কেৱল দেখাটো আৰু নিজৰ অভিজ্ঞতাটো উল্লেখ কৰিছিলো।বাছ কেৱল এদিনেই নহয় ৪দিন নাছিল।কিন্তু মোৰ দুখ লাগিছিল মাননীয় সাংসদ ডাঙৰীয়া পৱিত্ৰ মাৰ্ঘেৰিতাই ফেচবুকত এটা post দিছিল য’ত ঠাট্টাৰ সুৰত “আমাৰ চিটি বাছ বিশেষজ্ঞ” শব্দটো ব্যৱহাৰ কৰিছিল।আনকি সেইদিনাই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হাঁহি হাঁহি কৈছিল,চৰকাৰে বাছবোৰক এটকাও দিয়া নাই।কিন্তু সাংবাদিকে এইটো তেওঁক প্ৰশ্ন নকৰিলে যে যি বাছৰ conductor এ যাত্ৰীয়ে এটকা কমাই দিলে কাজিয়া কৰে তেনে অৱস্থাত বাছবোৰ কিয় এনেই ডিফুলৈ যাব?

আজি মই কলেজলৈ যাওঁতে মই যোৱা বাছখনৰ Driver জনক সুধিলো,তেওঁলোকে ডিফুলৈ যাওঁতে একো পইচা পোৱা নাছিল নেকি?তেতিয়া হাঁহি উত্তৰ দিছিল,বাইদেউ কিয় নাপাম?গাড়ীৰ মালিকক ৫০%আগতীয়াকৈ দিছে।আৰু আমি খালি গাড়ী লৈ ডিফু গৈছো।তাত গাঁৱৰ পৰা মানুহ কেইজন মান লৈ গৈছো।কিন্তু ৪ কিলোমিটাৰ দূৰত বাছবোৰ ৰাখিব দি মানুহবোৰ খোজ কাঢ়ি গৈছে।তেওঁ আৰু ইয়াকো কৈছে যে মালিকবোৰৰ লাভ হয়,আমাৰ ইমান এনেকৈ ভাড়া মাৰিলে লাভ নহয়,তাতকৈ গুৱাহাটীতে ভাল।মই মাত্ৰ এবাৰ তেওঁক সুধিলো,পইচা চৰকাৰে দিয়া নাই বাৰু কিন্তু যি বাছবোৰক পইচা দিছে কিমান বা দিছে?তেতিয়া কৈছে আমাক ৩০ হাজাৰ,ডাঙৰ বাছবোৰক ৫০হাজাৰ দিছে বাইদেউ।লগতে এইটোও কৈছে ১৫ মে’ত আকৌ কিবা মিটিঙ আছে বাছ নিব,কিবা ঢেকিয়াজুলি নেকি!

(বি.দ্ৰ.মই জীৱনত ভুল নকৰা নহয়,জ্ঞানৰ অভাৱত বহু ভুল কৰিছো,কিন্তু ইমান বেকা কথা,বেকা চিন্তা কৰি পোৱা নাই,চিধা মন আৰু সৰল চিন্তাৰে চলি আছো।সেয়ে অধিক খেলি-মেলি কথা ভাল নাপাও বাবেই মনৰ কথাখিনি লিখিলো)।