মন্ত্ৰী পীযূষ হাজৰিকাৰ অসম জল ভৱনত এক পর্যালোচনা বৈঠক অনুষ্ঠিত

Pc- Facebook

মন্ত্ৰী পীযূষ হাজৰিকাৰ অসম জল ভৱনত এক পর্যালোচনা বৈঠক অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা- মন্ত্ৰী পীযূষ হাজৰিকাই জলসম্পদ বিভাগটোৰ কামৰ ক্ষেত্ৰত এৰা-ধৰা নকৰিবলৈ বিষয়া কৰ্মচাৰীসকলক সকীয়াই দিয়ে। বিভাগটো যাতে ঠিকাদাৰৰ ওপৰত নিৰ্ভৰশীল নহয় অথবা ঠিকাদাৰৰ দ্বাৰা যাতে বিভাগটো পৰিচালিত নহয়, তাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক সকলো কামৰ সঠিক তদাৰকৰ বাবেও স্পষ্ট নির্দেশ দিয়ে।মন্ত্ৰী পীযূষ হাজৰিকাই গুৱাহাটীৰ বশিষ্ঠস্থিত অসম জল ভৱনত এক পর্যালোচনা বৈঠক অনুষ্ঠিত কৰি কয় যে বিগত বাৰিষাত বৰষুণৰ পৰিমাণ কম হোৱা হেতু বাৰিষাত বানৰ বিশেষ তাণ্ডৱ নহ’ল যদিও এই সময়ছোৱাতে বিভাগীয় তৎপৰতাত ১৫টা মথাউৰি ভঙাৰ পৰা ৰক্ষা পৰিল।জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ প্ৰতিবেদন অনুসৰি ২০০০ চনৰ পৰা ২০২০ চনলৈ যোৱা ২০ বছৰত ৰাজ্যখনত গড় হিচাপত ৩০-৩৫টা মথাউৰি বানে ভাঙিছিল। কিন্তু চলিত বৰ্ষত বাৰিষাৰ বান কম হোৱা বাবে এই বছৰ মথাউৰি নভঙাকৈ ৰাখিবলৈ সক্ষম হ’ল বিভাগটোৱে। বিভাগীয় বিষয়া আৰু অভিযন্তাসকলক উদ্দেশ্যি মন্ত্রী হাজৰিকাই কয়— তেওঁৰ প্ৰথম লক্ষ্য হৈছে ৰাজ্যখনত ইতিমধ্যে থকা মথাউৰিসমূহ বানত নভঙাকৈ ৰখা। আনহাতে, যি ঠাইতেই প্রয়োজন হ’ব, তাতেই নতুন মথাউৰি নিৰ্মাণ কৰা।