মনীষ চিছোদিয়াৰ বিৰুদ্ধে ১০০ কোটি মানহানিৰ গোচৰ ৰুজু অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে।আপ নেতা চিছোদিয়াই ৪ জুনত এক সংবাদমেলত অভিযোগ কৰিছিল যে ২০২০ চনত দেশত কোভিড-১৯ মহামাৰী চলি থকাৰ সময়ত অসম চৰকাৰে মুখ্যমন্ত্ৰীৰ পত্নীৰ প্ৰতিষ্ঠান আৰু পুত্ৰৰ ব্যৱসায়িক অংশীদাৰক বজাৰৰ হাৰতকৈ অধিক পিপিই কিট যোগান ধৰাৰ চুক্তি দিছিল।