মনটো সৰল আছিল
কাজি শ্বাহাদত ইছলাম
মনটো সৰল আছিল…
আশাটোও সৰল আছিল…
লগতে সৰল আছিল
মন আৰু আশাৰ সহবাসত ভূমিষ্ট হোৱা প্ৰেম।
কোনে জানিছিল অদূৰত
ৰৈ থকা এজাক ধুমুহাৰ কথা…
বৰ অসৰল… বৰ নিৰ্দয়… ধুমুহাজাকৰ কথা!!
এখন এন্ধাৰৰ অৰণ্য নেওচি
বেলিটি চকু মেলিবৰ সময়ত
হঠাত কিছু ধাৰাল বালিকণাই
দুচকুত চলালে সন্ত্ৰাসী ঢৌ,
জীৱনে পাহৰি গ’ল হাঁহিৰ বৰণ…
বেদনাৰ স’তে মিলাই ল’লে নিজৰ সমীকৰণ!!
পথ সোজা আছিল…
দুভৰি সতেজ আছিল…
চাটুৰ বৃষ্টিত পিচল খাই
আজি পংগুত্বৰ স্বীকাৰ মই,
যদিও মুকুতা আঁচলত সৰে
বুটলি লোৱাৰ দুঃসাহস কৰোঁ নো কেনেকৈ ?