মণিপুৰৰ কন্যা মিৰাবাই চানুৱে ভাৰতলৈ অলিম্পিকৰ প্ৰথমতো মেডেল কঢ়িয়াই আনিলে

অনলাইন বাৰ্ত্তাসেৱা-  টকিঅ’ অলিম্পিকৰ প্ৰতিযোগিতাৰ প্ৰথম দিনাই ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক জিনি দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে মণিপুৰৰ কন্যা মিৰাবাই চানুৱে। ৪৯ কিলোগ্ৰাম শাখাত দেশৰ প্ৰতিভাৱান ভাৰউত্তোলক গৰাকীয়ে মুঠ ২০২ কিলোগ্ৰাম ওজন দাঙি ৰূপৰ পদক আজুৰি আনে।