মছজিদ পৰিচালনা সমিতিৰ পদকলৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

মছজিদ পৰিচালনা সমিতিৰ পদকলৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

ৰঙিলী বাৰ্ত্তাসেৱা-  বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এইবাৰৰ স্থান বিলাসীপাৰাৰ বাঙ্গালীপাৰাৰ মছজিদ। মছজিদ পৰিচালনা সমিতিৰ পদকলৈ মছজিদ চৌহদত ৰক্তাক্ত পৰিৱেশ। ভয়ঙ্কৰ সংঘৰ্ষত চিকিৎসালয়ত মৃত্যু হাৰুণ ৰছিদৰ । ঘটনাক কেন্দ্ৰ বিলাসীপাৰাৰ বাঙালীপাৰাত মৃতদেহ লৈ ৰাজপথ পথ অৱৰোধ৷উল্লেখ্য যে মছজিদৰ পৰিচালনা সমিতিৰ পদক লৈ হোৱা সংঘৰ্ষত আহত হৈছিল দুটা ফৈদৰ প্ৰায় ২০ জন কৈ পুৰুষ মহিলা ৷বাঙালীপাৰা কুদ্দূছী মছজিদৰ পৰিচালনা সমিতিক লৈ হোৱা দুটা ফৈদৰ মাজত আৰম্ভ হৈছিল খোৱা কামোৰা৷ইয়াৰ গইনা লৈ শুকুৰবাৰে দুপৰীয়া দুটা ফৈদৰ মাজত সৃষ্টি হয় তুমুল মাৰ পিটৰ ঘটনা৷মছজিদ চৌহদত সংঘটিত হৈছিল এই ঘটনা৷ঘটনাত দুটা ফৈদৰ অতি কমেও ২০ জন কৈ পুৰুষ মহিলা গুৰুতৰ ভাবে আহত হয়৷আহত সকলৰ কেবাজনক ধুবুৰীত আৰু কেবাজনক গুৱাহাটী লৈ প্ৰেৰণ কৰে৷ইয়াৰে গুৰুতৰ ভাবে আহত হাৰুণ ৰছিদ কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়৷আজি মৃতদেহ বাঙালীপাৰাৰ নিজ বাসগৃহত লৈ অহাত এক শোকাকুল পৰিবেশৰ লগতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷পিছত আজি দুপৰীয়া মৃতদেহ লৈ দোষীক গ্ৰেপ্তাৰৰ দাবী তুলি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷পিছত অৱৰোধস্থলীত বিলাসীপাৰা আৰক্ষী উপস্থিত হৈ দোষীক গ্ৰেপ্তাৰৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি নিয়ন্ত্ৰণ৷