মঙ্গলবৰীয়া চ’ৰা – মন্দিতা চেতিয়া গগৈ

মঙ্গলবৰীয়া চ’ৰা 

মন্দিতা চেতিয়া গগৈ

ৰাজগড় , ডিব্ৰুগড়

পুহমহীয়া ৰাতিপুৱা চাৰে চাৰি মান বজাতে ( মই তেতিয়া বিছনাতে )প্ৰধান শিক্ষকৰ ফোন – বাইদেউ, আজি আপুনি অকলে স্কুল চলাব লাগিব দেই । ময়ো এফালে যাব লাগিব। চাৰিজন শিক্ষকৰ দুজন বিদ্যালয়ত নাথাকিব বুলি আগতেই জানো । এজন যাব বিভাগীয় নিৰ্দেশনা মতে “লাইফ স্কিল ” ৰ ওপৰত প্ৰশিক্ষণ ল’বলৈ আৰু আন এজন যাব ছায়েন্স আৰু মেটছ অলিম্পিয়াডত ছাত্ৰ-ছাত্ৰীক জিলা ভিত্তিত প্ৰতিযোগিতাত যোগদান কৰোৱাবলৈ । এতিয়া প্ৰধান শিক্ষকজনো উপস্থিত নাথাকোঁ বুলি ক’লে, কি কৰা যায়?

আগৰ স্কুলখনত এনেকুৱা সমস্যাত পৰা নাছিলোঁ। আঠটা শ্ৰেণীত দহ জন শিক্ষক । শ্ৰেণীয়ে প্ৰতি শিক্ষক সোমাই আৰু বাচি থাকেগৈহে । তাৰোপৰি শ্ৰেণীসমূহৰ মাজত বস্তাৰ পাৰ্টিচন দিয়া । শিক্ষকৰ নাটনি হ’লে একেলগে দুইটা শ্ৰেণী চলাই দিব পাৰি । কিন্তু ইয়াত তিনিটা ডাঙৰ ডাঙৰ কোঠাত তিনিটা শ্ৰেণী । তাৰে মাজত শিক্ষকৰ জিৰণি কোঠা আৰু এডোখৰ ঠাই অব্যৱহৃত হৈ আছে । মানে একেবাৰে ইমূৰৰ পৰা সিমূৰলৈ , যেন – কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে ।

প্ৰথমে গৈ প্ৰাত:সভাৰ কাৰ্য শেষ কৰিলোঁ । তাৰপাছত অষ্টম শ্ৰেণীত থকা মোৰ প্ৰথম পিৰিয়ড কৰিবলৈ গ’লো । পাঠদান শেষ কৰি সিহঁতক ক’লো- আজি বাকী চাৰসকল নাহে । সেইকাৰণে আজি শনিবৰীয়া চ’ৰাৰ দৰে মঙ্গলবৰীয়া চ’ৰাকে পাতিম । হ’ব নে নাই? সিহঁতে সমস্বৰে চিঞৰিলে – হ’ব বাইদেউ, ভালহে লাগিব । আজি কোনো চাৰ নাই যেতিয়া ময়ো এটা গান গাম দেই । যাওঁতেই আচলতে ভাৱি গৈছিলো কেনেকৈ সময়খিনি অতিবাহিত কৰিম । কাৰণ খটাসুৰ ল’ৰা -ছোৱালীখিনিক অকলে চম্ভলাটো সহজ কথা নহয় । আৰু বেছিভাগেই শনিবাৰটো আহিলে বৰ ভাল পায়, চ’ৰাৰ কাৰণে । ডাঙৰখিনিক সকলো যা-যোগাৰ কৰিবলৈ কৈ বাকী দুটা শ্ৰেণীতো এটা এটাকৈ ক্লাছ কৰিলোঁ ।

তাৰ পাছত আৰম্ভ হ’ল আমাৰ বহু প্ৰত্যাশিত মঙ্গলবৰীয়া চ’ৰা। মোৰ বাবে বহু প্ৰত্যাশিত এইকাৰণে যে আজি প্ৰথমবাৰৰ বাবে সমাজত মানে ছাত্ৰ -ছাত্ৰীসকলৰ আগত গান গাম আৰু ছাত্ৰ -ছাত্ৰীসকলৰ বাবে এইকাৰণে বহু প্ৰত্যাশিত যে বাইদেৱে গান গাব । কাৰণ সিহঁতে মোক কেতিয়াবা বেলেগ অনুষ্ঠানত গান গাবলৈ কৈ থাকে। মই গাব নাজানো কাৰণে সদায় পিছুৱাই থাকোঁ( বাকী চাৰ সকলৰ আগত লাজ লাগে নহয়)। দলী ঘোষ বাইদেউৰ ‘নাহৰ ফুলা বতৰতে মোৰ ‘ মোৰ প্ৰিয় গানটো গাবলৈ আৰম্ভ কৰিলোঁ। মোৰ গান শুনি ছাত্ৰ -ছাত্ৰীসকল বৰ উৎসাহিত হ’ল। বাইদেউ, ইমান ভাল লাগিছে; আৰু এটা গাব লাগিব, আৰু এটা গাব লাগিব বুলি সকলোৱে হূলস্হূল লগাই দিলে । উপাই নাপাই আকৌ আৰম্ভ কৰিলোঁ ‘ আলফুলীয়া কপৌ ফুল,অ দেহি ক’ত পালা চিত বিয়াকুল…. পূৰা দেহা- মন উজাৰি গীত গাইছো । ছাত্ৰ-ছাত্ৰীসকলৰ জাউৰিয়ে জাউৰিয়ে মৰা হাত চাপৰিয়ে কিবা গায়িকা গায়িকা ফিলিংছ এটা আনি দিছে । বাইদেউ, আৰু এটা গাওক । ইমান দিনে আমাক ঠগি আছিল, গান গাব নাজানো বুলি। আজিহে গম পালো, ইমান ধুনীয়া কৈ গায় বুলি। উপাই নাই ল’ৰা -ছোৱালীবিলাকৰ পৰা। আৰু এটা গাই দিলোঁ ‘ অ’ জুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া ‘…

হেৰা, কি হ’ল বিছনাতে ৰাগ জুৰিছা যে ? স্কুল নোযোৱা নেকি ?

মানুহজনৰ হেচুকনিত হে খক্ মককৈ সাৰ পাই বহিলো। ইমান সময়ে তাৰমানে সপোনহে দেখি আছিলোঁ । মানুহে কয় ,পুৱতি নিশা দেখা সপোন হেনো ফলিয়ায় । পুৱতি নিশা দেখা নহ’লেও মোৰ গায়িকা হোৱাৰ সপোনটো আজি ফলিয়াব যেন লাগিছে । কি বা হয় এতিয়া!!!