মঙ্গলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° যাদৱ চন্দ্ৰ নাথৰ বিয়োগ

মঙ্গলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° যাদৱ চন্দ্ৰ নাথৰ বিয়োগ

কিশোৰ কুমাৰ শৰ্মা,মঙ্গলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ড৹ যাদব চন্দ্ৰ নাথৰ (৭৭) মঙ্গলদৈৰ উপহুপাৰাস্হিত নিজ বাসগৃহত যোৱা ২৪ জুনৰ নিশা পৰলোকপ্ৰাপ্তি ঘটে। মঙ্গলদৈ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত হৈ থকাৰ সময়তে তেওঁ অধ্যক্ষ হিচাপে দায়িত্ব লাভ কৰি ভিন্ন দিশত নতুনত্বৰ সংযোজন কৰে। ইয়াৰ উপৰিও তেওঁ ছিপাঝাৰ আৰু মাজুলী মহাবিদ্যালয়তো কিছুদিন অধ্যাপনা কৰিছিল।২৫ জুনত তেখেতৰ বাসগৃহত নিজা জন্মস্থান ছিপাঝাৰ লোক্ৰাই পঞ্চায়তৰ অন্তৰ্গত শলপামৰ আত্মীয় স্বজনৰ লগতে যথেষ্ট সংখ্যক লোকে শ্ৰদ্ধাঞ্জলী জনায়। পিছলৈ তেখেতেৰ নশ্বৰ দেহ পূৰ্বৰ কৰ্মস্থলী মঙ্গলদৈ মহাবিদ্যালয়লৈ লৈ যোৱা হয়।মহাবিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলাকান্ত বড়া, অসমীয়া বিভাগৰ মুৰব্বী সহযোগী অধ্যাপক ডিম্বেশ্বৰ বৰুৱা, ভূগোল বিভাগৰ সহকাৰী অধ্যাপক দ্বয় ড° মুকুট শৰ্মা, ড° পবিত্ৰ কুমাৰ নাথ , পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° কঙ্কন শৰ্মা, পৰিসংখ্যা বিভাগৰ সহকাৰী অধ্যাপক প্ৰণৱ দাস সমন্বিতে অন্যান্য শিক্ষক-কৰ্মচাৰীবৃন্দই অন্তিম শ্ৰদ্ধা নিবেদন কৰে। আনহাতে উক্ত স্হানতে মঙ্গলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস ,অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষা নিলিমা দেৱীয়ে শিক্ষাবিদ জনলৈ শেষ শ্ৰদ্ধা অৰ্পণ কৰে। পৰৱৰ্তী সময়ত উপহুপাৰা ৰাজহুৱা স্মশানত তেখেতৰ নশ্বৰ দেহৰ সৎকাৰ সম্পন্ন হয়। প্ৰয়াত অধ্যাপকজনে মৃত্যুৰ সময়ত তেখেতৰ পুত্ৰ বোৱাৰী, জী-জোৱাঁই নাতি সহ আত্মীয় স্বজনক ইহসংসাৰত এৰি যায়। শিক্ষাবিদ আৰু বিদ্যায়তনিক ক্ষেত্ৰৰ ভাল প্ৰশাসক জনৰ মৃত্যুত জিলাখনৰ বৌদ্ধিক মহলৰ লগতে তেখেতৰ সহকৰ্মী সকল, মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অনুগামী, আত্মীয় স্বজনৰ মাজত শোকৰ ছাঁ পৰিছে। মঙ্গলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন, মঙ্গলদৈ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী বৃন্দ, মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ,মঙ্গলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস ,ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, মঙ্গলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, দৰং বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা, মঙ্গলদৈ প্ৰেছ ক্লাব, মঙ্গলদৈ মেডিয়া চাৰ্কোল, দৰং জিলা সাহিত্য সভা, দৰং জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনী , দৰং নাথ যোগী সন্মিলনী আদি বিভিন্ন দল‌ সংগঠনে শিক্ষাবিদ জনৰ আকস্মিক বিয়োগত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।