মঙলদৈত শােকাৱহ পথ দুর্ঘটনা 

pc- onmanorama

মঙলদৈত শােকাৱহ পথ দুর্ঘটনা 

ৰঙিলী বাৰ্ত্তাসেৱা-  মঙ্গলবাৰে নিশা প্ৰায় ১২ বজাত মঙলদৈ উদ্যোগ চকত এক শােকাৱহ পথ দুর্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় মাতৃ আৰু পুত্ৰ। মঙলদৈৰ উদ্যোগৰ চকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুর্ঘটনা। এখন ট্ৰাক আৰু স্কুটিৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাটোত নিহত মাতৃ আৰু পুত্ৰৰ নাম ক্ৰমে জুৰি বৰুৱা শইকীয়া আৰু পৰাগ জ্যোতি শইকীয়া। তেওঁলোকৰ ঘৰ মঙলদৈৰ নিকতৱৰ্তী গেৰিমাৰীত।নিশা দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে মঙলদৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।