মঙলদৈত নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান

মঙলদৈত নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা-  মঙলদৈৰ কাছাৰী ময়দানত কালি অনুষ্ঠিত এখন সভাত মঙলদৈ বিধানসভা সমষ্টিৰ নতুনকৈ ৰেচন কাৰ্ডপ্ৰাপ্ত হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। মঙলদৈ বিধানসভা সমষ্টিত ৯৭৯৫ খন নতুন ৰেচন কাৰ্ড বিতৰণৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে মুখ্য অতিথিৰূপে উপস্থিত থাকি হিতাধিকাৰীৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ চৰকাৰে সমাজৰ দৰিদ্ৰ লোকসকলৰ উন্নয়নৰ বাবে অবিৰতভাৱে কাম কৰি আছে। চৰকাৰৰ বিভিন্ন পদক্ষেপৰ ফলত ৰাজ্যখনৰ দৰিদ্ৰ লোকসকলৰ অৱস্থাৰ পৰিবৰ্তন সাধন হৈছে। তেওঁ লগতে কয় যে ৰাজ্যখনৰ বিভিন্ন বিধানসভা সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণ চৰকাৰৰ এনে পদক্ষেপৰ উদাহৰণ। অন্ত্যোদয়া অন্ন যোজনাৰ ৰেচন কাৰ্ডপ্ৰাপ্ত পৰিয়ালে প্ৰতিমাহে ১-১০ তাৰিখৰ ভিতৰত বিনামূলীয়া চাউল লাভ কৰে। নতুন ৰেচন কাৰ্ডপ্ৰাপ্ত সকলো হিতাধিকাৰীয়ে চলিত জানুৱাৰী মাহৰ পৰাই এই সুবিধা লাভ কৰিব। ৰেচন কাৰ্ডপ্ৰাপ্ত পৰিয়ালসমূহে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে বছৰি পাঁচ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব । দৰিদ্ৰ লোকৰ সহায়ৰ বাবে চৰকাৰে বিনামূলীয়া চাউলৰ পৰা বিনামূলীয়া গেছ চিলিণ্ডাৰলৈকে সকলো সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিছে। সমাজৰ সকলো শ্ৰেণীৰ লোকেই যাতে ন্যায় লাভ কৰে তাৰ প্ৰতি চৰকাৰে দৃষ্টি ৰাখিছে বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে স্বাস্থ্যখণ্ডৰ পৰা নাৰী সবলীকৰণলৈকে সকলো ক্ষেত্ৰতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা আঁচনি আৰু পদক্ষেপৰ সুফল ৰাইজে লাভ কৰিছে । মহিলা আত্মসহায়ক গোটৰ সদস্যাসকললৈ ১০ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ কথাও মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শাসনকালত দৰং জিলাৰ বিভিন্ন ক্ষেত্ৰৰ চমকপ্ৰদ উন্নয়নৰ কথা উল্লেখ কৰে। এই প্ৰসংগত তেওঁ দক্ষতা বিশ্ববিদ্যালয়, মঙলদৈ বাইপাছ, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আদি নিৰ্মাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কয যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ অৱস্থাৰ উন্নয়ন সাধন হৈছে। আনহাতে অনুষ্ঠানত অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসেও ভাষণ প্ৰদান কৰে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে। উল্লেখ্য যে, অহা ১৯ জানুৱাৰীত দলগাঁও বিধানসভা সমষ্টি আৰু ২৩ জানুৱাৰীত ছিপাঝাৰ বিধানসভা সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব।