মকৰাজাল আৰু অনুভৱ – ডিম্বেশ্বৰ শৰণীয়া

PC - terminix

মকৰাজাল আৰু অনুভৱ

ডিম্বেশ্বৰ শৰণীয়া,
বৰমা, দলেপাৰা, বাগ্‌সা

আমাৰ যৌথ পৰিয়ালৰ বাবে সজা ছয়টা কোঠাযুক্ত ঘৰটিৰ তাৰে দুটা মই ব্যৱহাৰ কৰো বা মোৰ অধীনত।অৱশ্যে দুটা কোঠাৰ তাৰে এটাত আমাৰ টীভী চোৱাৰ বাবে আৰু কেতিয়াবা মানুহ দুনুহ আহিলে বহিবৰ বাবে ব্যৱহাৰ কৰা হয় মানে সহজ কথাত ড্ৰইংৰুম বুলি কব পৰা যায়।আৰু এই কোঠা দুটালৈ সহজে গমনাগমন কৰিব পৰাকৈ মাজতে এটা বাট ৰখা হৈছে।এই বাটটিৰ ওপৰত থকা কাঠ এডালতে দুয়োটা কোঠা এন্ধাৰ গুচাবৰ বাবে বিজুলী বাটী এটা ওলোমাই ৰখা হৈছে।আৰু ঠিক তাৰ তলতেই একাশৰীয়াকৈ টেবুল এখন।টেবুল খনত কেইখনমান কিতাপ সহজে ব্যৱহাৰ কৰিব পৰাকৈ থোৱাৰ লগতে মন গলে কেতিয়াবা কেতিয়াবা লেখা মেলা কৰাৰ বাবে চেষ্টা কৰা যায়।টেবুল খনৰ স’তে একেবাৰে লগা লগিকৈ পাৰি লোৱা হৈছে শুবৰ বাবে ব্যৱহাৰ কৰা এজনীয়া কাঠৰ বিচনাখন।ইচ্ছা কৰিলে বিচনাখনত বহিয়েই পঢ়া বা লেখাৰ বাবে ব্যৱহাৰ কৰিব পৰাকৈ।বিচনাখনৰ কথা ওলোৱাৰ লগে লগে বিচনাখনৰ বিষয়েও কিছু কথা মনলৈ আহিল।মই বৰ্তমান সময়ত যিখন বিচনা শোৱাৰ বাবে ব্যৱহাৰ কৰি আছো এই বিচনাখনত মোৰ মাৰ দেউতাকে মানে মোৰ ককাদেউতাই শুইছিল।আৰু তেতিয়াৰ পৰাই দেখিছো যেতিয়াৰ পৰাই দেখি শুনি কথাবোৰ মনত ৰাখিব পৰা হৈছো।পিছলৈ বাৰ্ধক্যৰ লগে লগে ৰোগে পীড়া কৰাৰ অন্তত এই বিচনাখনতেই জীৱন নাটৰ সামৰণি মাৰিছিল।বেচি সংখ্যক লোকৰ ক্ষেত্ৰতে দেখা যায় যে মৃত ব্যক্তিগৰাকীয়ে জীৱিত কালত বৱহাৰ কৰা যি কনো সামগ্ৰীকে মৃতদেহ সৎকাৰৰ লগতে জুইত জাপি দিয়ে।এয়া অৱশ্যে মই গাঁৱত দেখি অহা পৰিৱেশৰ কথাহে ব্যক্ত কৰিছো।পিচে তাকে কৰিব নিদি সেইখনকে আনি মই শোৱাৰ বাবে ব্যৱহাৰ কৰি আছো আজি প্ৰায় আঠ দহ বছৰ ধৰি।ইয়াৰ আগলৈকে এনে এখন কাঠৰ বিচনা নিজাকৈ কিনি লব পৰাটো মোৰ বাবে দুৰূহ কাম আছিল।এতিয়া অৱশ্যে ইচ্ছা কৰিলে অন্য তেনে এখনৰ যোগাৰ কৰি ল’ব পাৰো যদিও এইখনত শোৱাৰ মোহ এতিয়ালৈ এৰিব পৰা নাই।এতিয়া আহো আচল কথালৈ।ঘড়ীৰ কাটাত সময় তেতিয়া সন্ধিয়া সাত বাজিছিল।দিনটোৰ পথৰুৱা ব্যস্ততা সামৰি গা-মূৰ ধুই অটাই কোঠাৰ ভিতৰত সোমাই টেবুলখনৰ ওচৰলৈ চকী এখন টানি তাতে বহিলৈ ক্লিপ বৰ্ডত থকা উকা কাগজ খিলাত কিবা লিখাৰ মানস কৰিলো।পিচে নাই কিবা এটা লিখিব পৰাকৈ একো কথা মনলৈ অহা নাই।আঙুলিৰ ফাকত কলম গুজি মন ইফাল সিফাল কৰি বহু সময় ঘূৰি থাকিল।তথাপি উকা কাগজ উকা হৈয়েই থাকিল।পিচে এইবাৰ মই মন নুঘূৰাই মূৰ তুলি ওপৰ মুৱাকৈ চোৱাত চিধাই কাঠডালত ওলমি টহ্‌ টহ্‌কৈ জ্বলি থকা বিজুলী বাটিটোলৈ চকু পৰাত দেখিলো সেই বিজুলী বাটিটোক অৱলম্বন কৰি কেইবাটাও মকৰাই কেইবাখনো জাল গাঠিছে।আৰু বিজুলী বাটিৰ পোহৰৰ প্ৰতি আকষ্কিত হৈ লৰি ঢাপৰি অহা পোক পৰুৱা বোৰ সেই জালত বজি যোৱা মাত্ৰকে জালখনৰ কন্দ্ৰত একাগ্ৰচিত্তে ৰৈ থকা মকৰাটো চিকাৰটি ধৰি আকো কেন্দ্ৰত অৱস্থান কৰেগৈ।পূৰ্বৰ এই জাল কেইখনৰ কাষতেই আন এটা মকৰাই নতুনকৈ জাল এখন তৈয়াৰ কৰি থকা কাৰ্য চকুত পৰিল।চকুত পৰা মাত্ৰকে একে ধ্যানে ভালেখিনি সময় মই তাৰ নিৰ্মান কাৰ্য প্ৰত্যক্ষ কৰি থাকিলো শেষ নহোৱা পৰ্যন্ত।নিৰ্মান কাৰ্য ইমানেই নিপুন যে তাক দেখি মোৰ অন্তৰাত্মাই তবধ মানিলে।যদি মকৰাটোক এগৰাকী শিপিনিৰ স’তে তুলনা কৰি চাও তেতিয়া হ’লে দেখো যে সেই একেগৰাকী শিপিনীয়ে যঁতৰত সুতা কাটিছে বাটি কাঢ়িছে আৰু লগতে আৰু লগতে তাত শালত নিপুন হাতৰ পৰশেৰে সপোন ৰচা ফুল বাচিছে।দ্বিতীয়তে যদি তাক মই এগৰাকী মিস্ত্ৰীৰ দৃষ্টিৰে চাও তেতিয়া দেখিম যে সেই একেগৰাকী কাৰিকৰে তাৰ নিপুন হাতৰ দক্ষতাৰে মাটি খান্দিছে লোহা ভাজ খুৱাইছে শিল,বালি,চিমেণ্টৰ মিশ্ৰন ঘটাই যেন একো একোটা সুদৃশ্য অট্টালিকাহে সাজিছে।মুঠতে এক তবধ মানিব লগা মন পৰশা নান্দনিক দৃশ্য।নিৰ্মান কাৰ্যৰ মাজতে জালখনত ঘূৰি পকি ৰৈ যোৱা খুতি নাতিৰ পুনঃনিৰ্মান কৰে।জিৰণিৰ যেন অৱকাশেই নাই।খাদ্য সংগ্ৰহ আৰু বাসস্থানৰ কি এক অপূৰ্ব যোগসূত্ৰ।এতিয়া মই মকৰাজাল গুচাবলৈ লৈও থমকি ৰও তাৰ কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ কথা ভাবি।

বিঃদ্ৰঃউল্লেখিত বিচনাখনত অৱশ্যে এতিয়া নোশোও।