মকবুল হুছেইন লস্কৰক পঞ্চায়ত বিভাগত নিযুক্তিৰ দাবী দিব্যাংগ মঞ্চৰ

মকবুল হুছেইন লস্কৰক পঞ্চায়ত বিভাগত নিযুক্তিৰ দাবী দিব্যাংগ মঞ্চৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যিক প্ৰতিবন্ধী আদালতে ৯০ দিনৰ ভিতৰত মকবুল হুছেইন লস্কৰক নিযুক্তি দিবৰ বাবে পঞ্চায়ত বিভাগক নিৰ্দেশ দিছিল৷কিন্তু আজি প্ৰায় ২ বছৰ উকলি যোৱাৰ পাছতো উক্ত প্ৰাৰ্থী গৰাকীক নিযুক্তি নিদিয়াত দিব্যাংগ মঞ্চই সংবাদ মেলৰ যোগেদি নিযুক্তিৰ দাবী জনাইছে৷ দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা উক্ত সংবাদ মেলত সংগঠনটোৰ কাৰ্যকৰী সভাপতি মোহাম্মদ মোস্তাফা কামাল আৰু সম্পাদক চেমিম আহমেদে কয়-২০১৭ বৰ্ষৰ ১৪ আগষ্টত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে ৩ হাজাৰ ৭ শতাধিক পদত নিযুক্তিৰ বাবে এখন বিজ্ঞাপন প্ৰকাশ কৰে। বিজ্ঞাপন নং- DRD – 15 / 147/12/177৷ প্রথম অৱস্থাত উক্ত বিজ্ঞাপনখনত দিব্যাংগ প্রার্থীসকলৰ বাবে কোনো পদ সংৰক্ষণ কৰা হোৱা নাছিল । ২০১৭ চনৰ ডিচেম্বৰ মাহত বাছনি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষা অনুষ্ঠিত হয়৷পৰীক্ষাৰ পাছত ( এপ্রিল , ২০১৮ চনত ) বিভাগীয় কর্তৃপক্ষৰ ওচৰত দিব্যাংগ কোটাত নিযুক্তিৰ বাবে আবেদন জনায় মকবুল হুছেইন লস্কৰে । চিভিল ইঞ্জিনীয়াৰিঙৰ শিক্ষাগত অৰ্হতা থকা মকবুল হুছেইন লস্কৰ এক্রিদিটেড ইঞ্জিনীয়াৰ পদৰ এজন দিব্যাংগ প্রার্থী । কিন্তু বিভাগীয় কর্তৃপক্ষই তেওঁৰ আবেদনক কোনো গুৰুত্ব প্ৰদান নকৰাত মে ‘ ২০১৮ চনত ৰাজ্যিক প্রতিবন্ধী আদালতত দিব্যাংগ প্রাৰ্থীসকলৰ বাবে পদ সংৰক্ষণৰ দাবী জনাই আবেদন কৰে মকবুল হুছেইন লস্কৰে । ৰাজ্যিক প্রতিবন্ধী আদালতৰ নিৰ্দেশত ২০১৮ চনৰ জুলাই মাহত উক্ত বিভাগে দিব্যাংগ প্ৰাৰ্থীসকলৰ বাবে পদ সংৰক্ষণৰ ব্যৱস্থা কৰি এখন বিজ্ঞপ্তি জাৰি কৰে । বিজ্ঞপ্তি নং DRD – 15 / 65 / 2018 / 43 । ২০১৮ চনৰ নৱেম্বৰ মাহত নিৰ্বাচিত প্ৰাৰ্থীসকলৰ ফলাফলৰ তালিকা প্রকাশ পায়। ১৮৫০ টা এক্রিদিটেড ইঞ্জিনীয়াৰ পদৰ বিপৰীতে ১৭৪০ জন প্রার্থী নির্বাচিত তালিকাত অন্তর্ভুক্ত হয় আৰু ১১০ টা পদ খালী হৈ থাকে । এই ১৭৪০ জনৰ তালিকাত ১৫ জন দিব্যাংগ প্রার্থী নির্বাচিত হয় এক্রিদিটেড ইঞ্জিনীয়াৰ পদত । দিব্যাংগ প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰা ৫৫ টা এক্রিদিটেড ইঞ্জিনীয়াৰ পদৰ মাত্ৰ ১৫ টা পদৰ নিযুক্তি পূৰণ হ’ল । দিব্যাংগ প্ৰাৰ্থীৰ অভাৱত ৪০টা পদ খালী আছে যদিও লিখিত পৰীক্ষাত ৪০ শতাংশ নম্বৰ লাভ কৰাৰ পাছতো নিযুক্তি তালিকাত অন্তর্ভুক্ত হোৱা নাই মকবুল হুছেইন লস্কৰৰ নাম । ২০১৯ চনৰ এপ্ৰিল মাহত তেওঁ পুনৰায় ৰাজ্যিক প্রতিবন্ধী আদালতৰ শৰণাপন্ন হৈ বিষয়টোৰ তদন্তৰ বাবে আবেদন জনায় । ২০২০ চনৰ মে’ মাহত ৰাজ্যিক প্রতিবন্ধী আদালতে বিষয়টোৰ তদন্ত সম্পূৰ্ণ কৰি ৯০ দিনৰ ভিতৰত তেওঁক নিযুক্তি দিবৰ বাবে উক্ত বিভাগক নিৰ্দেশ প্ৰদান কৰিছিল কিন্তু আজি প্রায় ২ বছৰ উকলি যোৱাৰ পাছতো বিভাগে এতিয়ালৈকে নিযুক্তি প্রদান কৰা নাই । আমি দিব্যাংগ মঞ্চ অসমৰ ফালৰ পৰা বিভাগীয় মন্ত্রী তথা অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ প্রত্যক্ষ হস্তক্ষেপ বিচাৰিছোঁ ৷