মই যাম  বৃন্দাবনত – লখিমী শৰ্মা

মই যাম বৃন্দাবনত 
লখিমী শৰ্মা, যোৰহাট
মই যাম বৃন্দাবনত
কৃষ্ণ তুমি লগ পাবলৈ আহিবা,
গোপীসকল আৰু ৰাধাতকৈ আগতে
মোৰ লগত ৰাস কৰিবা !
আনিম লগত মাখন আৰু মিঠাই
আৰু সুন্দৰ ভংগিমাৰে,
মই নাচিম যমুনাৰ কাষতে, আৰু
তুমি গছৰ কাষত বহি বাঁহী বজাবা !
শুনি এই মধুৰ সুৰ,
নাচি উঠিব এই জগতৰ সকলো  !
তুমি নিজৰ প্ৰেমৰ সুবাসেৰে,
মোকো ধুৱাই নিবা ।
সাজু আছোঁ তেন্তে মই
মীৰা হৈ তুমি মোৰ লগত মিলি যাবা !
মই যাম বৃন্দাবনলৈ,
কৃষ্ণ তুমি লগ পাবলৈ আহিবা !
কৃষ্ণ গোঁসাই বাঁহী বজাই,
ৰাস কৰে কৃষ্ণ গোঁসাই,
প্ৰভুৰ দৰ্শন পাবলৈ মন ব্যাকুল
দয়া সাগৰ তুমি দৰ্শন দিয়া,
মই পূজা হয় তোমাৰ ভগৱান
নিজকে কৰিলোঁ মই তোমাকে অৰ্পণ
প্ৰেম ভৰা মোৰ এই মন,
তোমাক লৈয়ে মোৰ এই সংসাৰ ।।