মই মোৰ অন্তিম বছৰবোৰ স্বাস্থ্যৰ বাবে উৎসৰ্গিত কৰিছো: ৰতন টাটা

pc Free Press Journal

মই মোৰ অন্তিম বছৰবোৰ স্বাস্থ্যৰ বাবে উৎসৰ্গিত কৰিছো: ৰতন টাটা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমত কৰ্কট ৰোগচিকিৎসালয় উদ্বোধনত ৰতন টাটাই কয়, “মই মোৰ অন্তিম বছৰবোৰ স্বাস্থ্যৰ বাবে উৎসৰ্গা কৰিছো… অসমক স্বাস্থ্য খণ্ডৰ সকলোৰে পৰিচিত আৰু স্বীকৃত ৰাজ্য হিচাপে গঢ়িম।” এই বছৰৰ আৰম্ভণিতে, ৮৪ বছৰীয়া উদ্যোগপতিগৰাকীক অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘অসম বৈভৱ’ প্ৰদান কৰা হৈছিল। অসমত সাতখন অত্যাধুনিক কর্কট চিকিৎসালয় উদ্বোধন আৰু নতুনকৈ আন সাতখন, কর্কট চিকিৎসালয়ৰ আধাৰশিলা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আনুষ্ঠানিকভাৱে স্থাপন কৰি উদ্যোগপতি তথা সমাজসেৱক ৰতন টাটাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ডিব্ৰুগড়ত বিশাল জনসভাৰ মঞ্চত প্রধানমন্ত্রী মোদীক সমুখত ৰাখি টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটাই কয়— অসমৰ ইতিহাসত আজিৰ দিনটো এটা অতি গুৰুত্বপূৰ্ণ দিন। এইটো এটা এনে দিন, অসমৰ স্বাস্থ্য যতনৰ মান আৰু কৰ্কট চিকিৎসাৰ মান বৰ্ধিত হ’ল। অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টা অবিহনে এয়া কেতিয়াও সম্ভৱ হৈ নুঠিলহেঁতেন। তদুপৰি উদ্যোগপতি টাটাই কয় যে এইগৰাকী প্ৰধানমন্ত্ৰী আৰু তেওঁৰ চৰকাৰে অনেক কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটাই ভাষণৰ ইতিপূৰ্বেই টাটা ট্রাষ্টৰ মুখপাত্ৰই প্ৰকাশ কৰিছে যে এনেধৰণৰ তিনি কর্কট চিকিৎসা সেৱা সুবিধা সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িছে। চলিত বছৰৰ শেষৰ ফালে ইয়াক মুকলি কৰা হ’ব। তদুপৰি মুখপাত্ৰগৰাকীয়ে কয় যে টাটা ট্রাষ্টৰ কৰ্কট নিয়ন্ত্ৰণ আৰ্হিৰ অধীনৰ বৃহত্তম নেটৱৰ্কত ১৭বিধ চিকিৎসা সুবিধা আছে। ইয়াৰ জৰিয়তে আমি অসমৰে নহয়, চুবুৰীয়া ৰাজ্যসমূহৰ পৰা অহা ৫০ হাজাৰতকৈ অধিক লোকক বার্ষিক চিকিৎসা আগবঢ়াম।