– মই মা’ৰাই কৈছো –
বোপাই অ’ তই কেনে আছ ?
সেইদিনা তই আহিবি বুলি পদূলিলৈ বাট চাই আছিলো
লগৰবোৰে কৈছিল – তই নাহ বুলি
কৈছিল – মিছা আশাত ৰখি লাভ নাই।
সিহঁতকো হেনো তেনে কৰিছিল
কিন্তু কিন্তু মই সিহঁতক কৈছিলো –
মোৰ ল’ৰা তেনে নহয় অ’
সি মোক বুজি পায়, মৰম কৰে –
গাঁৱৰ মাটি-বাৰী বিক্ৰী কৰি
চহৰত ৰাখিম বুলি লৈ আহিছে।
তাৰ দেউতাক নোহোৱাৰ পৰা
কিমান যে যন্ত্ৰনা সহিছো, কিমান যে কটনা কাটিছো।
সি জানো দেখা নাই !
বোপাই অ’ তোৰ বাৰু মনত আছে নে ?
সেই যে লুকুমা হঁতৰ বিয়াৰ দিনা –
সিহঁতে যে এটি মিঠাই খাবলৈ দিছিল !
মই যে নেখাই তোলৈ চাদৰৰ আচলত বান্ধি আনিছিলো
আৰু মোৰ একমাত্ৰ ভাল চাদৰখনত
দাগ লাগিছিল –
একো নহয় দে
এনে চাদৰ মোৰ ল’ৰাই কিমান দিব
মই বাৰু সেইদিনা ভূল ভাবিছিলো নেকি ?
কিন্তু এতিয়া ভাবিছো –
সিহঁতৰ কথাবোৰেই সঁচা নেকি ?
আনৰ ল’ৰাই যেতিয়া মাকবোৰক মৰম কৰা দেখো
মই ভাবো – মই বাৰু তেনে মাক হ’ব নোৱাৰিলো কিয় ?
বিহুতোচোন তই নাহিলি –
এনেই নাহিলেও নাই বাৰু –
এতিয়া মোৰ গাটো ভাল নাথাকে অ’ –
যোৱাৰ আগতে এবাৰ চাই যাব পৰা হ’লে –
মোৰ মন তৰংগই তোৰ মগজু ঢুকি পোৱা হ’লে –
আহিবিচোন এবাৰ –
এতিয়া মোৰ ঠিকনা – বৃদ্ধাশ্ৰম।
কল্পনা দাস বৰ্মন
গণেশপাৰা, চম্পকনগৰ