মই তোমাৰ অযোগ্য প্ৰেমিকাই কৈছোঁ – সবিতা বেগম

Pc-depositphotos
মই তোমাৰ অযোগ্য প্ৰেমিকাই কৈছোঁ
সবিতা বেগম,পাকাবেত বাৰী পাম
মই তোমাৰ অযোগ্য প্ৰেমিকাই কৈছোঁ …
তুমি কেতিয়া আহিবা মোৰ হৈ
নিৰাশাৰ আকাশত মেঘৰ ফাঁকে ফাঁকে
চাই থাকোঁ সুদূৰ বাটলৈ
বগা ঘোঁৰা লৈ আহিবা
বুকুত সাৱটি ল’বলৈ
সপোন বোৰ সজীৱ কৰিবলৈ
আল্পনাবোৰৰ এটি নাম দিবলৈ
বিশ্বাস বোৰৰ এটি ৰূপ দিবলৈ…
ৰীমা পেহীয়ে কৰা তোমাৰ নামত
মিছা সন্দেহৰ সমাধি দিবলৈ
তুমি কেতিয়া আহিবা মোৰ হৈ ?
ৰক্তাক্ত হৃদয়ত তুমিহীনতাৰ কৰুণ নিবেদন
নিশাবোৰ পাৰ নহয় ,
বৰ অবুজন ….
অশ্ৰুসিক্ততাত বৰফ হৈ যায় হৃদয়,
ধিক্কাৰ দিয়ে মোক অমানিশাৰ জোনাকবোৰেও
মিচিকিয়াই হাঁহে ফাগুনৰ নঙঠা ডালে ।
মই বৰকৈ নিথৰ হৈ যাওঁ !!!
তুমি কিয় বুজিও নুবুজা একাকীত্বৰ অনুভূতি?
প্ৰশ্নৰ ধুমুহাৰে কিয় কৰা মোক বিভ্ৰান্তি?
মই ইয়াৰ উত্তৰ নাজানো !!
মাথোঁ…..
চোতালত আশাৰ ৰামধেনুৰ ৰঙেৰে ,
ৰৈ আছোঁ সপ্ত পৃথিৱী সজাই। …
মই তোমাৰ অযোগ্য প্ৰেমিকাই কৈছোঁ
তুমি কেতিয়া আহিবা মোৰ হৈ ???