ভৱেশ কলিতা দল আৰু সমষ্টিৰ প্ৰতি সদায় দায়বদ্ধ-ঋষি লহকৰ

Pc Time8

ভৱেশ কলিতা দল আৰু সমষ্টিৰ প্ৰতি সদায় দায়বদ্ধ

ঋষি লহকৰ

উল্লেখযোগ্য যে- ভবেশ কলিতা ডাঙৰীয়াই বিশ্বৰ সর্ববৃহৎ দলৰ ৰাজ্যিক সভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰি যোৱাৰ লগতে তেখেতে ৰঙিয়া বিধানসভা সমষ্টিৰ জনপ্রিয় যুৱ বিধায়ক হিচাপে সমষ্টিবাসী ৰাইজৰ উন্নয়নৰ স্বাৰ্থত ৰাইজে দিয়া দায়িত্বও পালন কৰি গৈছে। ১৫-২৯ বছৰে বিৰোধী বিধায়কৰ শাসনকালত ৰঙিয়াবাসী ৰাইজে উন্নয়নৰ মুখ দেখা পোৱা নাছিল, কেৱল সকলো ক্ষেত্রতে বঞ্চিত হৈছিল । সেইবাবে যোৱা ২০১৬ বৰ্ষত পোন প্ৰথম বাৰৰ বাবে ভাৰতীয় জনতা পার্টিৰ নির্বাচিত বিধায়ক শ্রী ভবেশ কলিতা ডাঙৰীয়াক ৰঙিয়া বাসী ৰাইজে আশীর্বাদ প্রদান কৰিছিল। পৰৱর্তী সময়ত যোৱা ২০২১ বৰ্ষত পুনৰ বাৰ ৰঙিয়াৰ জনতাই ৰঙিয়ান বিৰামহীন উন্নয়নৰ স্বাৰ্থত বিধায়ক হিচাবে শ্রী ভবেশ কলিতাক ৰঙিয়াবাসী ৰাইজে মৰম আৰু আশীর্বাদ প্রদান কৰিলে। সেয়েহে বিগত ৬ বছৰত বহিয়া বিধানসভা সমষ্টিৰ ৰাইজ সর্বাঙ্গীন উন্নয়ন প্রতি লক্ষ্য ৰাখি বহু ভবিষ্যত তথ্য ঐতিহাসিক পদক্ষেপ তথা উন্নয়ন মূলক কাম কৰি গৈছে। সমষ্টিবাসী ৰাইজে যাতে কোনো ধৰণৰ সমস্যা ভূগিব লগা নহয়, তাৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে বহু ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে। ৰঙিয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্রী ভবেশ কলিতাৰ সৱল নেতৃত্বত বিগত ৬ বছৰত বহু উন্নয়ন মূলক কাম হৈছে। ৰঙিয়াবাসী ৰাইজৰ সহযোগ আৰু আশীৰ্বাদত প্ৰতিটো ক্ষেত্ৰতে উন্নয়নৰ আবৰিত যাত্রা দ্রুত গতি আগবাঢ়ি গৈ আছে। আশা কৰিছোঁ আগন্তুক দিনবোৰটো বিৰামহীন উন্নয়নৰ দিশত ৰঙিয়া সমষ্টি আগবাঢ়ি গৈ অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত এক লেখত লবলগীয়া সমষ্টি হিচাপে গঢ়ি উঠে যেন। বিধায়ক শ্রী ভৱেশ কলিতাৰ ডাঙৰীয়াৰ সমষ্টিৰ দ্ৰুত উন্নয়ন মূলক কাম কাজ সমূহ দেখি এতিয়া বিৰোধী দলৰ নেতা-কৰ্মী সকলে সমষ্টি উন্নয়নৰ কথা চিন্তা কৰি ভাৰতীয় জনতা পার্টিত যোগদানৰ কৰি আহিছে। সেয়েহে এক কথাত কব পাৰি যে-ৰঙিয়া সমষ্টিত এতিয়া বিৰোধী শিবিৰ নৰৱ নিস্তৱ তথা শূন্য হোৱাৰ দিশে আগবাঢ়িছে ইতিমধ্যে ৰঙিয়া সমষ্টিৰ ১০ জন পঞ্চায়ত বিৰোধীৰ এজনো সদস্য জনপ্রতিনিধি নাই। মানে পঞ্চায়ত সমূহত এতিয়া কংগ্ৰেছ মুক্ত। বিধায়ক শ্ৰী ভৱেশ কলিতাই বিগত ৬ বছৰত ৪৮খন জৰাজীৰ্ণ বৃহৎ কাঠ দলং পকীকৰণলৈ ৰূপায়ন কৰিবলৈ সক্ষম হৈছে। যোৱা ৬ বছৰত ৰঙিয়া সমষ্টিৰ ইমূৰৰ পৰা সিমূৰ লৈ বিধায়ক ডাঙৰীয়াই ৰঙিয়াৰ বিৰামহীন উন্নয়নৰ ক্ষেত্রত এক নতুন দিগন্তৰ সূচনা কৰিছে। বিধায়ক গৰাকীয়েই জনতাৰ মাজত থাকি কাম কৰি যাবলৈ প্ৰয়াস কৰে। ৰাইজৰ প্রতিটো সমস্যা বিধায়ক গৰাকীয়ে যি ঠাইত থাকে সেই ঠাইতে সমাধান কৰি দিয়ে। সেইবাবে তেখেতক ৰঙিয়া বাসী ৰাইজে ক্ষমতা প্রকৃত সেৱক বুলি পৰিচয় দিয়ে। বিধায়ক গৰাকীয়ে ৰঙিয়া বাসী ৰাইজৰ প্ৰতিটো ক্ষণতে সহায় সহযোগিতা আগবঢ়াই যাবলৈ চেষ্টা কৰে। আশা কৰিছো ভৱেশ কলিতা ডাঙৰীয়াই ৰাইজৰ হৈ সেৱা কৰি যায় থাকিব লগতে তেখেতৰ ৰাজনৈতিক ভৱিষ্যত উজ্জ্বল হৈ থাকক তাকে ভগৱানৰ ওচৰত সৰল প্ৰাৰ্থনা জনালোঁ।

ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি শ্রী ভবেশ কলিতা ডাঙৰীয়াই সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়ৰ পৰাই প্ৰতিখন সাংগঠনিক জিলাত দলৰ সাংগঠনিক ভেঁটি অধিক মজবুত কৰি তুলিবলৈ দলীয় কার্যকর্তা সকলক উৎসাহ যোগোৱাৰ উদ্দেশ্য মাকদর্শন প্রদান কৰি আহিছে। ৰাজ্যিক সভাপতি গৰাকীৰ বলিষ্ঠ নেতৃত্ব দলৰ সাংগঠনিক দিশত বহুখিনি দলীয় সংস্কাৰ সাধন কৰিবলৈ সক্ষম হৈছে। লগতে সভাপতি গৰাকীৰ সবল নেতৃত্বত যোৱাটো সময়ছোৱাত অনুষ্ঠিত হোৱা পাঁচটা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়েই অসমত বৃহৎ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। তাৰো ওপৰি ৰাজ্যিক সভাপতি গৰাকীয়েই তেখেতৰ প্ৰচেষ্টাত দল আৰু চৰকাৰৰ মাজত এক সু সম্পর্ক স্থাপন কৰি ৰাইজৰ হৈ একেলগে কাম কৰি যোৱাৰ এক প্ৰয়াস কৰিছে। লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক নেতৃত্ব প্রদান কৰা নেতৃত্ববৃন্দসকলৰ সৈতে আলাপ আলোচনাৰ মাধ্যমৰে এক সু সম্পর্ক স্থাপন কৰি বহু সমস্যা নিষ্পত্তি কৰি তোলাটো বিশেষ ভূমিকা গ্রহণ কৰিছে। ইতিমধ্যে ৰাজ্যিক সভাপতি গৰাকীয়ে ৪০ খন সাংগঠনিক জিলা পৰিভ্ৰমণ কৰি সাংগঠনিক প্রবাস কৰিছে। এই প্রবাসৰ সময়ত প্ৰতিখন জিলাৰ তৃণমূল পর্যায় পৰা বুথৰ পৰ্যায়ৰ কার্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি মনৰ বুজ লৈ দলীয় মাকদর্শন প্ৰদান কৰি আহিছে। লগতে জিলাসমূহত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তুলিবলৈ প্ৰতিজন কার্যকর্তাক দল তথা ৰাইজৰ হৈ সেৱাই সংগঠন তথ্য সেৱা আৰু সমৰ্পন মূলমন্ত্ৰ সন্মুখত ৰাখি সেৱাৰ মনোভাৱৰে ৰাইজৰ লগত থাকি কাম কৰি যাবলৈ আহ্বান জনায়। ৰাজ্যিক সভাপতি গৰাকী প্ৰতিখন দলীয় সভাত কয় যে- কার্যকর্তা, কার্যালয় কাৰ্যসূচী আৰু কোষ- এই চাৰিটা হৈছে ভাৰতীয় জনতা পার্টির মূল পৰিচালিকা শক্তি স্বৰূপ।

দলৰ প্ৰতিটো কাৰ্যসূচী সমূহ ৰূপায়ন কৰি তুলিবলৈ সেৱাই সংগঠনৰ মূল নীতিৰে উদ্বুদ্ধ হৈ দলৰ প্ৰতি গৰাকী কাৰ্যকতাই অনবৰতে ৰাইজৰ মাজত থাকি দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বধীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ দুয়োখনে জনসাধাৰণৰ বাবে লোৱা জনকল্যাণমূলক আঁচনি সমুহক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ দায়িত্ব পালন কৰিব লাগিব বুলি সকলোকে আহ্বান জনাই আহিছে। প্ৰতিখন জিলাতে বিশেষ সাংগঠনিক সভা অনুষ্ঠিত কৰি আগন্তুক হবলগীয়া দলীয় কার্যসূচী তথা পৰিকল্পনা সমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰে |

তাৰোপৰি উক্ত প্রবাসৰ সময় চোৱাত জিলা খনৰ প্ৰাক্তন জিলা সভাপতিসকলক আৰু দলৰ জোষ্ঠ কার্যকর্তা সকলৰ আশীৰ্বাদ গ্রহণ কৰি দিহা পৰামৰ্শ গ্রহণ কৰি আহিছে ।লগতে এই প্রবাস সময়ত তৃণমূল পৰ্যায়ৰ পৰা বুথৰ দলীয় কার্যকৰ্তাৰ ঘৰত উপস্থিত হৈ একেলগে আহাৰ গ্ৰহণ কৰি মনৰ বুজ লোৱাৰ প্ৰয়াস কৰিছে । লগতে প্ৰতিখন দলীয় সভাত ৰাজ্যিক সভাপতি গৰাকী যেই দল কার্যকর্তাক আহ্বান জনায় আহিছে যে-সমাজৰ শেজন ব্যক্তিক সেৱা কৰি যাবলৈ প্ৰয়াস কৰে যেন।