“ভোগালী বিহু হ’ল গৈ” – মুন শৰ্মা

Pc Hindustan Times
“ভোগালী বিহু হ’ল গৈ” 
 ইংৰাজী নৱবৰ্ষৰ শেষ হোৱাৰ লগে লগেই চিন্তাই বেৰি ধৰিছে ৰমেনক। কাৰণ সন্মুখত ভোগালী বিহু আহি আছে।সিফালে মহামাৰীৰ দিনতেই  উদ্ভৱ হোৱা তাৰ টকা পইচা অসুবিধা আজিও দূৰ হোৱা নাই তেতিয়াই  চাকৰিটো গ’ল আজিও নাপালে ঘূৰাই। বহুদিন অত- তত বিচাৰি অন্য একো আৰ্থিক সকাহৰ পথ নাপাই,উপায় নাপাই উপায়হীনহৈ  হাজিৰা কৰাত লাগিল সি। তাৰ পৰা পোৱা পইচা কেইটাই যেনে তেনে দুটি সন্তান, পত্নী আৰু মাকক লৈ গঠিত সংসাৰ খন চলে, যদিও ভোগালীত যে সি সিহঁতৰ প্ৰয়োজনীয় খিনি পূৰণ কৰিব নোৱাৰিব কথাটো ভালকৈয়ে বুজিছে কাৰণ  এফালে বজাৰত সামগ্ৰীৰ  দামত লাগিছে জুই আনফালে দিনৰ শেষত পোৱা টকা কেইটাই জোৰে যে মাথোঁ সিহঁতৰ দৈনিক প্ৰয়োজন খিনি যোগাৰ কৰাৰ ক্ষমতা।তাকে ভাবি সি ইমানেই চিন্তাত আছিল কাষতে ৰৈ তাৰ ঘৈণীয়েকে চাহ লওঁক বুলি তিনিবাৰ মাতোঁতেহে সি শুনিলে সেইদিনা সি।
      হেৰা” আপুনি কি ভাবি আছে ইমান কৈ মাতি আছোঁ আপুনি সহাঁৰি দিয়া নাই ঘৈণীয়েকে ক’লে। নকবা আৰু… মনোৰমা। বিহুটো কেনেকৈ পাতো তাকে চিন্তা কৰি আছো। হাতত পইচা বুলিবলৈ নাই, লৰা ছোৱালী দুটাই বিহু কাপোৰৰ কথা ক’ব আৰম্ভ কৰিলেই বজাৰত বস্তুৰ দাম শুনিলে যাবলৈকে মন নাযায়।তাতে মাৰ ঔষধৰ কথা আছেই। কি কৰোঁ! কি নকৰোঁ! ভাবি ত’ত পোৱা নাই। মোৰ অৱস্থা ইমানেই বেয়া আন নালাগে বিহুত আলহী এজন আহিলেও  ভালকৈ খুৱাব পৰা ক্ষমতা বৰ্তমান নাই ।
       ৰমেনৰ কথা শুনি মনোৰমাই ও একো ক’ব নোৱাৰিলে, মাত্ৰ চাহ লওঁক ঠাণ্ডা হ’ব বুলি কৈ  মনে মনে ভিতৰলৈ গুচি গ’ল।কাৰণ তাইও দেখি আছে ঘৰৰ অৱস্থা। কিমান বেয়া সময়ৰ মাজেৰে সিহঁত দিনবোৰ পাৰ কৰি আছে।
            তেনেদৰেই দিনবোৰ গৈ আছে। বিশেষ একো  কৰিব পৰা নাই ৰমেনে। বিহু উৰুকা পাই গ’ল, কিন্তু তাৰ হাত শূণ্য  হৈয়েই আছে।  বিহুলৈ বুলি যোগাৰ কৰিব একোকে পৰা নাই।তাতে ৰাতিপুৱাৰ পৰা মুখ ফুলাই বহি থকা লৰা ছোৱালী দুটাৰ কথাইও বাৰে বাৰে তাক আমনি কৰি আছে। এটা সময়ত তাৰ নিজৰ ওপৰতে খং উঠি গ’ল। ভাগ্য খন মোৰ ইমানেই বেয়া নে! নিজকে নিজে কৈ ঘৰৰ কাষৰ তিনিআলিটোলৈ ওলাই গুচি গ’ল।
     তিনিআলিৰ আহত জোপাৰ তলতে বহা তাৰ গাঁৱৰে অৰুণ বেপাৰীৰ পাচলি দোকান খনৰ তলতে বহি আছে এবেলা। দুখ লগা চাৱনিৰে গোটেই বজাৰ খন চাই আছে যিমান পাৰে, বিহুৰ বজাৰ সকলো বস্তুৰে উভৈনদী, মানুহৰ সমাগম বহুত, সকলো ব্যস্ত বজাৰ কৰাত,মাত্ৰ সি হে যেন বজাৰ খনত বজাৰ নকৰা মানুহ এটা সময়ত তাৰ তেনে অনুভৱ হ’ল
         অ’ ৰমেন দা…… হঠাৎ সি শুনে কাৰোবাৰ মাত ঘূৰি চাই দেখিলে গাঁৱৰ ডেকা লৰা অভয়। অভয়ে ক’লে দাদা আপুনি ইয়াত কি কৰিছে মোৰ লগত আহক।ৰমেনে বুজি নাপাই ক’লে কলৈ? আৰু কিয়?অজয়ে ক’লে আহক সকলো গম পাব আমাৰ গাঁৱৰ সংঘলৈ। সি আকৌ ক’লে কিয় যাব লাগে! তই ক’ব লাগিব তেতিয়াহে যাম। সি ক’লে ভাল খৱৰ আছে আহক। তাৰ কথাত সি ক’লে কি ভাল খৱৰ? সি ক’লে যে আপুনি যোৱা দুৰ্গা পূজাত যে আমাৰ পৰা লটাৰী টিকট লৈছিল সেইখন মহমাৰীৰ বাবে পাতিব নোৱাৰিলোঁ নহয়…সেয়ে   আজি পাতিছোঁ আৰু আপোনাৰ টিকট ফুলিছে।
     কথাটো শুনি সি উৎফুল্লিত হ’ল যদিও তাক দমাই ৰাখি আকৌ সুধিলে সচাঁ নে মিছা? সি ক’লে সচাঁ।  তাৰ পাছত আকৌ সুধিলে কি পুৰস্কাৰ পাইছোঁ। এইবাৰ কিন্তু অজয়ে একো উত্তৰ নিদিলে তাৰ হাতত ধৰি তাত আপুনি সকলো গম পাব বুলি কৈ টানি লৈ গুচি গ’ল।
            গৈ পোৱাৰ পাছত এঠাইত ৰৈ আছে টিকটৰ আনন্দ তাৰ গাত লগাই নাই ভাবি আছে কি দিবনো! সামান্য কিবা এটা দিব চাগে!তেনেতে মাইকত তাৰ নাম সহ কোনোবাই চিঞৰি থকা শুনিলে যে  শ্ৰীযুত ৰমেন বৰুৱা আহি আমাৰ মাজত উপস্থিত হৈছে। যি গৰাকীয়ে আজি ভাগ্য পৰীক্ষাৰ খেল খনৰ প্ৰথম পুৰস্কাৰ বিজয়ী হৈছে।যিটো আছিল নগদ পাঁচ হাজাৰ টকা।
    পাঁচ হাজাৰ টকা…….. সি বিশ্বাস কৰিব পৰা নাই পাঁচ হাজাৰ টকা। তাক মঞ্চলৈ উঠি আহিবলৈ অনুৰোধ কৰিলে। কোৱাৰ লগে লগে সি উঠি গ’ল। লগে লগে তাৰ হাতত গুজি দিলে এটা খাম। অলপ পিছতে নামি আহিল সি মঞ্চৰ পৰা খামটো অকণমান ফালি জুমি চোৱা নিচিনাকৈ চালে দেখিলে হয়  দুখন দুহেজাৰ টকাৰ নোট আৰু দুখন পাঁচশ টকাৰ নোট ভিতৰত সোমাই আছে।
       টকা কেইটা পায় তাৰ ৰূপেই সলনি হৈ গ’ল। খোজ কাঢ়িব নিবিচৰা এলেহুৱা মানুহৰ দৰে  মন মাৰি সেই আহত জোপাৰ তলত এবেলা বহি থকা ৰমেনৰ  গাত ত’ত নাইকিয়া হ’ল টকা কেইটা পাই।লগে লগে ঘৈণীয়েকলৈ ফোন কৰিলে আৰু এক প্ৰকাৰে চিঞৰি কোৱাৰ দৰেই ক’লে হেৰা… শুনিছাঁ…. মই ঘৰলৈ গৈ আছোঁ দেই,সিহঁতক কৈ দিয়া কাপোৰ নি আছোঁ বুলি আৰু তুমিও সাজু হোৱা  ভোগালীক ভোগালী কৰিবলৈ।
মুন শৰ্মা, লখিমপুৰ